খাৰুপেটীয়াত একেদিনাই ৫ টাকৈ আঁচনিৰ আধাৰশিলা স্থাপন বিধায়ক মজিবুৰ ৰহমানৰ

 11/08/2022 - 13:24
 
 
 
 
 
 
খাৰুপেটীয়াঃ সমষ্টিৰ সৰ্বাংগীন উন্নয়ৰ স্বাৰ্থত দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ। বিধায়ক গৰাকীয়ে এটাৰ পিছত আন এটা আঁচনি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে দলগাঁও সমষ্টিৰ বিভিন্ন পঞ্চায়তত। তাৰে অংশ হিচাপে সোমবাৰে‌ সমষ্টিটোৰ দুটা পঞ্চায়তত 15th Finence আঁচনিৰ অধীনত ৫ টাকৈ আঁচনিৰ আধাৰশিলা স্থাপন কৰে বিধায়ক মজিবুৰ ৰহমানে।
 
প্ৰথমতে বিহুদিয়া গাঁও পঞ্চায়তৰ আলিকাষ পাচলি বজাৰৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ লক্ষৰে আমাৰ গাঁও আমাৰ আঁচনিৰ অধীনত 2020-21 বিত্তীয় ‌বৰ্ষৰ  অনুমোদিত ১৫ লাখ ৫০ হাজাৰ টকা ব্যয়ৰে নলা নিৰ্মাণ কামৰ আধাৰ শিলা স্থাপন কৰে। একেদিনাই একেখন গাঁও পঞ্চায়তৰ বিহুদিয়া দক্ষিণচুবা মছজিদৰ Earth Filling & Boundary Wall নিৰ্মাণৰ বাবে আৱন্টিত ৫ লাখ টকীয়া আঁচনিৰ আধাৰশিলা স্থাপন কৰি পুনৰ সমষ্টিটোৰ‌ ফকিৰপাৰা গাঁও পঞ্চায়তৰ পুনিয়া গাঁও পঞ্চায়ত, আৰু গলন্দী গাঁও পঞ্চায়তত Community Hall at Punia Bazar Muktab  Compus "ত ৫ লাখ টকীয়া আধাৰশিলা স্থাপন কৰে।
 
একেদিনাই পাচটাকৈ আঁচনিৰ আধাৰশিলা স্থাপন কৰি আঁচনিৰ নামত আৱন্টিত উক্ত ধনৰ সদব্যবহাৰ কৰাৰ বাবে বিষয়া কৰ্মচাৰী আৰু জন-প্ৰতিনিধিক আহ্বান জনাই বিধায়ক মজিবুৰ ৰহমানে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে ‌দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকা, মুখ্য কাৰ্যবাহী বিষয়া ৰমেন মালাকাৰকে ধৰি কেইজনো বিষয়া কৰ্মচাৰী আৰু পঞ্চায়ত প্ৰতিনিধি উপস্থিত থাকে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।