চৰাইবাহী ঐতিহাসিক ত্ৰি-বাৰ্ষিক কমিটি ভাওনাত দৰ্শকৰ ভিৰ

 11/08/2022 - 13:55
 
 
চৰাইবাহী ঐতিহাসিক ত্ৰি-বাৰ্ষিক কমিটি ভাওনাত দৰ্শকৰ ভিৰ৷ লক্ষাধিক লোকৰ উপস্থিতিত দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিৱৰ্তন মৰিগাঁও জিলাৰ বৃহত্তৰ চৰাইবাহী অঞ্চল৷ ১৮৫১ চনৰ পৰাই মৰিগাঁও জিলাৰ চৰাইবাহীত অনুষ্ঠিত হৈ আহিছে এই কমিটি ভাওনা মহোৎসৱ৷ প্ৰায় দুখনকৈ কমিটিৰ অধীনত ২৩ খনৰো অধিক ভাওনা একেলগে মঞ্চস্থ কৰা হয়। শংকৰ মন্দিৰত ৫৭ সংখ্যক কমিটি ভাওনাস্থলিত মঞ্চস্থ হ'ল সাত জনগোষ্ঠীৰ দ্বাৰা ১০ খনকৈ অংকীয়া ভাওনা৷ লগতে নাথ মন্দিৰতো নাথ সকলৰ দ্বাৰাই উদযাপন হ'ল ৫৫ সংখ্যক কমিটি ভাওনা মহোৎসৱ৷ 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।