জামুগুৰিহাটৰ মনাই জয়সিদ্ধি কেম্প চাৰিআলিত দুদিনীয়াকৈ অনুষ্ঠিত ৰাস মহোৎসৱ

 11/08/2022 - 16:21
 
 
জামুগুৰিহাটঃ জামুগুৰিহাটৰ সমীপৰ মইনাই জয়সিদ্ধিৰ কেম্প চাৰিআলিত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ৰাস মহোৎসৱ।" শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন”। এতিয়া ৰাসৰ বতৰ জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে ৰাস মহোৎসৱ। ইয়াৰ উত্তৰ অঞ্চলৰ মনাই জয়সিদ্ধিৰ কেম্প চাৰিআলিত অনুষ্ঠিত হৈছে ৬৮সংখ্যক ৰাস মহোৎসৱ৷ সোমবাৰে অনুষ্ঠিত প্ৰথম নিশাৰ ৰাস মহোৎসৱত লোকে লোকাৰণ্য হৈ পৰি সমগ্ৰ অঞ্চল দ্বিতীয় বৃন্দাবন সদৃশ হৈ পৰে সমগ্ৰ মনাই অঞ্চলটো। ১৯৭০ চনৰ পৰা অনুষ্ঠিত কৰি অহা মনাই জয়সিদ্ধিৰ কেম্প চাৰিআলি ৰাস মহোৎসৱত আজি দ্বিতীয় দিনাৰ ৰাসত অভিনয় কৰিৱ অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী শ্যমন্তিকা শৰ্মাই।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।