জামুগুৰিহাটৰ চিতলমাৰীত অনুষ্ঠিত তিহাৰ সন্মিলনত বিধায়ক পদ্ম হাজৰিকাৰ অংশগ্ৰহণ

 11/08/2022 - 19:50
 
 
 
জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ চিতলমাৰী সাত গাঁৱৰ উদ্যোগত মঙলবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় গোৰ্খা সম্প্ৰদায়ৰ পৱিত্ৰ উৎসৱ ৰমাইলো তিহাৰ সন্মিলন৷ এই তিহাৰ সন্মিলনত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই দেউছী-ভৈলী গীত পৰিৱেশন কৰি সকলো ৰাইজৰ মন আপ্লোত কৰিবলৈ সক্ষম হয়৷ গোৰ্খা ৰাইজৰ অন্যতম জাতীয় উৎসৱ এই তিহাৰ সন্মিলনত বিধায়ক গৰাকীয়ে কয়-গোৰ্খাসকল অসমীয়া জাতিৰ অৱিচ্ছেদ্য অংগ৷ গোৰ্খা সকলক বাদ দি অসমীয়া জাতি কেতিয়াও পূৰ্ণাংগ হ’ব নোৱাৰে৷ অনুষ্ঠানটিৰ বক্তা হিচাবে অংশগ্ৰহণ কৰে ড০ তিলক শৰ্মা, দক্ষিণ ছিলাবন্ধা গাঁও পঞ্চায়তৰ সভানেত্ৰী গঙ্গা দেৱীয়ে৷ অসম নেপালী সাহিত্য সভাৰ জিলা শাখাৰ সভাপতি সদস্যসকলৰ লগতে পঞ্চায়তৰ সদস্য সকলৰ লগতে পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই তিহাৰ সন্মিলনত অঞ্চলটোৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ৰাইজে অংশগ্ৰহণ কৰি ধৰ্মীয় অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷ দিনযোৰা কাৰ্যসুচীৰে অনুষ্ঠিত অনুষ্ঠানত দেউছী-ভৈলী নৃত্য প্ৰতিযোগিতাৰো আয়োজন কৰে বুলি জানিবলৈ দিয়ে আয়োজক সমিতিৰ সভাপতি চন্দ্ৰ তিমচিনা, সম্পাদক ৰঞ্জন গৌতমে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।