বাক্সাৰ ওদালগুৰিত ৰাস মহোৎসৱৰ সাংস্কৃতিক দ্বাৰ উন্মোচন বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাসৰ

 11/10/2022 - 12:03
 
 
 
শালবাৰীঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বাক্সাৰ ওদালগুৰিতো উলহ-মালহেৰে উদযাপন কৰা হৈছে ৭৮ বাৰ্ষিক ৰাস মহোৎসৱ। মাংগলিক ৰীতি-নীতিৰ উপৰিও বিভিন্ন কাৰ্যসূচীৰে পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চলি আছে ৰাস মহোৎসৱ। সেই উপলক্ষে ৰাস মহোৎসৱৰ সাংস্কৃতিক মঞ্চ মুকলি কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাসৰ। দ্বাৰ মুকলি কৰি দাসে সমূহ ৰাইজক ৰাস মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।