শিমলুগুৰি পাহিতা মজলীয়া বিদ্যালয়ৰ উদ্যোগত আৰু ই আৰ চিৰ সহযোগত প্ৰাথমিক চকু পৰীক্ষা শিবিৰ

 11/10/2022 - 13:10
 
 
 
 
নাজিৰাঃ শিমলুগুৰি পাহিতা মজলীয়া বিদ্যালয়ৰ উদ্যোগত আৰু ই আৰ চিৰ সহযোগত বুধবাৰে প্ৰাথমিক চকু পৰীক্ষা শিবিৰৰ আয়োজন কৰে। উক্ত চিকিৎসা শিৱিৰটো উদ্বোধন কৰে নাজিৰাৰ জ্যেষ্ঠ সাংবাদিক অনন্ত কলিতাই। এই বিনামূলীয়া চকুৰ চিকিৎসা শিৱিৰটোত স্থানীয় শতাধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰি চকুৰ প্ৰাথমিক পৰীক্ষা কৰে। উক্ত শিৱিৰত চিকিৎসক মৌপাল গেংগুৱাৰ, চিকিৎসা কৰ্মী ৰাজা কোঁৱৰ, দিপাংকৰ বৰুৱা, পলকু কোঁৱৰ আৰু পূবালী বুঢ়াগোহাঁই, বিদ্যালয়ৰ প্ৰধান শিক্ষক বিজয় কুমাৰ গগৈ, প্ৰাক্তন শিক্ষয়িত্ৰী দেৱপ্ৰভা শইকীয়া, ৰূপম শইকীয়াৰ লগতে সমূহ শিক্ষক শিক্ষয়িত্ৰী, অ:জা:যু:ছা:প: শিৱসাগৰ জিলাৰ সমাজ সেৱাৰ সম্পাদক ভাস্কৰ জোতি মহন্ত আৰু জিলাৰ সাংগঠনিক সম্পাদক অভিজিত গগৈ উপস্থিত থাকে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।