বিশ্বনাথৰ উত্তৰ চাৰিআলিৰ ৰাসত উপস্থিত জুবিন গাৰ্গ

 11/10/2022 - 18:12
 
 
 
 
 
জামুগুৰিহাটঃ বিশ্বনাথৰ উত্তৰ চাৰিআলি ৰাস মহোৎসৱত এহাল ইছলাম ধৰ্মালম্বী দম্পতীয়ে অবতীৰ্ণ হল নন্দ যশোদাৰ ভাৱত। নন্দৰ চৰিত্ৰত সাংবাদিক আমিৰ খান আৰু তেখেতৰ সহধৰ্মিণী জোনমনি বেগমৰ দুৰ্দান্ত অভিনয়ে মনমুগ্ধ কৰি তুলে হাজাৰ হাজাৰ ভক্ত প্ৰাণ ৰাইজক। যি সময়ত জাতি-ধৰ্ম-বৰ্ণক লৈ ৰাজ্যত একাংশ লোকে সমাজত সাম্প্ৰদায়িক বিষয়বাস্প বিয়পাবলৈ চেষ্টা কৰিছে। সেই সময়তে বিশ্বনাথৰ ইছলাম ধৰ্মালম্বী এই দম্পতীয়ে বৃহত্তৰ অসমীয়া জাতীৰ সম্প্ৰতিৰ এনাজৰি ডাল মজবুত কৰিবলৈ গ্ৰহণ কৰা এই পদক্ষেপে বিশেষ তাৎপৰ্য্য বহন কৰিছে৷ এই ইছলাম ধৰ্মালম্বী দম্পতী হালে যোৱা বৰ্ষও এই উত্তৰ চাৰিআলি ৰাস ভূমিত নন্দ যশোদাৰ ভাঁৱত অবতীৰ্ণ হৈ ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। উল্লেখ যে বিশ্বনাথৰ আঢ্যবন্ত সংস্কৃতিৰ নিটোল ৰূপত উপস্থাপনৰ প্ৰয়াস কৰা উত্তৰ অসমৰ সৰ্ববৃহৎ মুকলি ৰাস উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাসউৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ আজি অন্তিমটো নিশা। পাঁচদিনীয়া বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা এই ৰাস উৎসৱৰ আজি অন্তিমটো নিশা ৰাসৰ শুভ উদ্বোধন কৰে জুবিন গাৰ্গে। উদ্বোধনী অনুষ্ঠানত জুবিনে গাৰ্গে এই ৰাস মহোৎসৱ প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰে আৰু কয়। এক প্ৰকাৰে জুবিন গাৰ্গক সন্মুখৰ পৰা প্ৰত্যক্ষ কৰিবলৈ আৰু ইছলাম ধৰ্মালম্বী দম্পতী আমিৰ খান আৰু জোনমনি বেগমৰ ভাও চাবলৈ এক জনসমূদ্ৰত ৰূপান্তৰিত হল উত্তৰ চাৰিআলি ৰাস বাকৰি। ইফালে উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাস উদযাপন সমিতিৰ সভাপতি নিৰঞ্জন হাজৰিকা,কাৰ্যকৰী সভাপতি বসন্ত বৰাকে ধৰি উদযাপন সমিতিয়ে এই ৰাস বাকৰিৰ পৰাই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ বাৰ্তা বিলাবলৈ প্ৰয়াস কৰিছে। গুৰুজনাৰ যি সপোন আছিল বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে এক বৃহত অসমীয়া জাতি নিৰ্মাণ কৰি বৰ অসম গঢ়ি তুলা। গুৰুজনাৰ এই নীতিকে অনুসৰণ কৰি উদযাপন সমিতিয়ে আগবাঢ়াৰ প্ৰয়াসে যথেষ্ট প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।