নাৰায়ণপুৰত দীপলিনাৰ অভিনয়ৰ মাজতে প্ৰচণ্ড মাৰপিটৰ ঘটনা

 11/11/2022 - 15:10
 
 
নাৰায়্ণপুৰঃ জনপ্ৰিয় অভিনেত্ৰী দীপলিনা ডেকা গৈছিল নাৰায়্ণপুৰৰ টেঙাপথাৰৰ ৰাসত দৈৱকীৰ চৰিত্ৰত অভিনয় কৰিবলৈ। প্ৰথমতে সকলো ঠিকেই চলি আছিল। হঠাৎ অহা এটা উদণ্ড যুৱকৰ দলে ৰাস চাবলৈ নোপোৱাত পৰিৱেশ অতি ভয়ানক কৰি তোলে। টিকেট সংগ্ৰহ কৰিব নোৱাৰি সীমিত আসনৰ বাবে বাহিৰত ৰৈ থকা যুৱকৰ দলটোৱে প্ৰেক্ষাগৃহৰ ফালে শিলগুটি নিক্ষেপ কৰিবলৈ লয়। যাৰ ফলত অভিনেত্ৰী গৰাকীৰ লগতে ৰাস আয়োজক সমিতি চিন্তাত পৰে। আৰু ততাতৈয়াকৈ আৰক্ষীক খবৰ দি ৰাস বন্ধ কৰাৰ বাবে সিদ্ধান্ত লয়। আৰু ইয়াৰ পিছতেই পৰিৱেশ অতি ভয়ানক হৈ উঠে। জনপ্ৰিয় গায়িকা তথা অভিনেত্ৰী দীপলিনাক চাবলৈ নোপোৱা দলটোৱে বাধা প্ৰদান কৰা লোকসকলৰ সৈতে তৰ্ক-যুদ্ধত লিপ্ত হৈ কিছুসংখ্যক লোকক ভৰিৰে গচকী আৰু কিছুমানক মূৰত আঘাত কৰি পৰিস্থিতি আৰু অতি ভয়ংকৰ কৰি তোলে। আৰু ইয়াৰ পিছতে আৰক্ষী উপস্থিত হোৱাটো পৰিৱেশ সাম নকটাত অভিনেত্ৰী গৰাকীয়ে সেই স্থান ত্যাগ কৰে। লগতে এই ঘটনাত কেইবাগৰাকী লোকৰ দেহত গুৰুতৰ আঘাত পোৱাৰ ভিজুৱেল ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। আৰু এই ঘটনাৰ পিছতেই এতিয়া নাৰায়্ণপুৰ অঞ্চলত এক চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে। আৰু এই ঘটনাৰ পিছতো নাৰায়্ণপুৰ আৰক্ষীয়ে সেই উদণ্ড যুৱকসকলৰ বিৰুদ্ধে একো ব্যৱস্থা নোলোৱাৰ গুৰুতৰ অভিযোগ আহি পৰিছে স্থানীয় ৰাইজৰ।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।