বৰপেটাত ভূপেন বৰাৰ সংবাদ মেল

 11/11/2022 - 18:27
 
 
 
বৰপেটাঃ বৰপেটা আৱৰ্ত ভৱনত ভাস্কৰ বৰুৱা, জাকিৰ হুছেইন শিকদাৰ, আব্দুৰ ৰহিম আহমেদ, ৰাণা গোস্বামীৰ লগতে একাংশ কংগ্ৰেছ নেতাক লৈ ভূপেন বৰাৰ সংবাদমেল৷ দেউৰী পৰিষদৰ নিৰ্বাচনত আমি আশা কৰা ধৰণে ফল নাপালো৷ বিজেপিয়ে খিলঞ্জীয়াৰ হৃদস্পন্দন অনুমান কৰাত ব্যৰ্থ হৈছে৷ আঞ্চলিক ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজনৈতিক দলক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে বিজেপি দলে৷ ৰাজ্যৰ বিত্তীয় অৱস্থা সম্পৰ্কেও মন্তব্য ভূপেন বৰাৰ৷ অসমৰ বাজেট নিৰ্ধাৰিত ৭৯ শতাংশ পুঁজি কেবল ব্যক্তিগত হিতাধিকাৰী আঁচনি, দৰমহা আৰু পেঞ্চনত খৰচ কৰিছে৷
মাত্ৰ ১৯.৫৪ শতাংশ পুঁজিহে আন্তঃগাঠনি উন্নয়ন আৰু সামগিৰিক বিকাশৰ কামত ব্যয় কৰা হৈছে৷ পুঁজিৰ অভাৱত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বেংকৰ দুৱাৰে দুৱাৰে ভিক্ষা মাগি ঘুৰি ফুৰিছে ৷
ৰাজ্য চৰকাৰে আভ্যন্তৰীণ বিত্তীয় অৱস্থাৰ স্বেতপত্ৰ প্ৰকাশ কৰাৰ দাবী ভূপেন বৰাৰ৷ বিত্তীয় অৱস্থাৰ ফোপোলা স্বৰূপ উদঙাই ৰাজ্য চৰকাৰে আঠ হাজাৰ কৰ্মৰত শিক্ষকক চাটাই কৰিব বিচাৰিছে৷ শিক্ষকক ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহনৰ আহ্বান ভূপেন বৰাৰ৷ ২৬ ৰ নিৰ্বাচনক লৈ ভূপেন বৰাৰ প্ৰতিশ্ৰুতিঃ আমাৰ চৰকাৰ আহিলে প্ৰথম কেবিনেটতে আমি পুৰণি পেঞ্চন নীতি বাহাল ৰাখিম৷ কংগ্ৰেছক চৰকাৰ গঠনত কৰ্মচাৰীসকলে সহায় কৰক; আমি তেওঁলোকক পুৰণি পেঞ্চন নীতি দিম৷ কংগ্ৰেছ-ইউডিএফৰ মিত্ৰতা সন্দৰ্ভতো ভূপেন বৰাৰ মন্তব্য—
আজমল ইন্টাৰনেচনেল মানুহ৷ আন্তৰাষ্ট্ৰীয় ব্যৱসায় আছে৷ মুখ্যমন্ত্ৰীৰ লগত মিতিৰালি আছে৷ কংগ্ৰেছৰ লগত মিত্ৰতা আজমল ডাঙৰীয়াৰ সপোন৷ এই সপোন বাস্তৱায়িত নহয়৷ কংগ্ৰেছৰ বহু নেতা বিধায়ক মুখ্যমন্ত্ৰীৰ পেইড চাৰভেন্ট বুলি কৰা আজমলৰ মন্তব্যৰো প্ৰতিক্ৰীয়া ভূপেন বৰাৰ-আমি শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কব নোৱাৰো৷ ইমান পেমেন্ট আমাক কৰা নাই৷
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আমি চিবিআইক অভিযোগ দিছো ৷শ্বেৰমান আলী আহমেদক লৈয়ো মন্তব্য ভূপেন বৰাৰ-নিলম্বিত বিধায়ক আমাৰ বিধায়ক নহয় ৷ তেওঁলোকক অধ্যক্ষ আৰু মুখ্যমন্ত্ৰীয়ে ৰক্ষণাবেক্ষণ দি আছে ৷মুখ্যমন্ত্ৰীয়ে তেওঁলোকক (আছাউদ্দিন) ওৱেইছি হিচাপে শিখণ্ডি কৰি ৰাখিছে ৷
 
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।