বিলাসীপাৰাত উপস্থিত শিক্ষামন্ত্ৰী ৰণোজ পেগু

 11/12/2022 - 16:05
 
 
 
বিলাসীপাৰাঃ বিলাসীপাৰাত উপস্থিত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু। বিলাসীপাৰা আৱৰ্ত্ত ভৱনৰ পৰা বিজেপিৰ কৰ্মকৰ্তাসকলে বিশাল বাইক ৰেলিৰে আদৰণি জনায়। বিলাসীপাৰাত উপস্থিত হৈ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী ৰণোজ পেগুয়ে। বিলাসীপাৰা ইন্দ্ৰনাৰায়ণ একাডেমি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱ নিৰ্মিত ভৱন, বিলাসীপাৰা পৌৰসভাৰ গাড়ী পাৰ্কিঙৰ আধাৰশিলা আৰু বিলাসীপাৰা মহাবিদ্যালয়ৰ লাইব্ৰেৰী ভৱনৰ শুভ উদ্বোধন মন্ত্ৰী গৰাকীয়ে। মন্ত্ৰী গৰাকীয়ে শিক্ষা বিভাগৰ ওপৰত বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। গৰাকীক সংগ দিয়ে অসম চৰকাৰৰ বেচা-কিনা বিভাগকৰ অধ্যক্ষ ড০ অশোক কুমাৰ সিংহী, বিজেপিৰ দলীয় কৰ্মকৰ্তাসকলে উপস্থিত থাকে।
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।