ৰঙিয়া তৰণী ৰাস মহোৎসৱত সূৰ্য্য পাহাৰৰ আৰ্হিত নিৰ্মিত মণ্ডপে আকৰ্ষিত কৰিছে ভক্তপ্ৰাণ ৰাইজক

 11/12/2022 - 19:39
 
 
 
 
ৰঙিয়াঃ ৰঙিয়া তৰণী ৰাস মহোৎসৱত সৃষ্টি হৈছে জনসমুদ্ৰৰ। হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ তৰণী হৰি মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হোৱা ৰাস মহোৎসৱত উপস্থিত হৈ সূৰ্য্য পাহাৰৰ আৰ্হিত নিৰ্মিত সুন্দৰ মণ্ডপ উপভোগ কৰি আপ্লুত হৈ পৰা দেখা গৈছে। ৰাস মহোৎসবৰ মৃণময় মূৰ্ত্তি সমুহৰ লগতে পানীৰ মাজেৰে কৃষ্ণ ভগৱানক পবিত্ৰ ৰূপত কেনেদৰে চাব পাৰি তাৰ ব্যৱস্থা কৰিছে উৎদ্যোগতা সকলে। ইফালে দৰ্শনাৰ্থীৰ বাবে তৰণী হৰি মন্দিৰ ৰাস মহোৎসৱত সুন্দৰকৈ নিৰ্মাণ কৰি উলিওৱা হৈছে ঐতিহাসিক আৰমত্ত গড়। আৰম্ভ ৰজাই শত্ৰু পক্ষক ৰোধীবলৈ প্ৰায় পাচশ বছৰ পূৰ্বে নিৰ্মাণ কৰা আৰমত্ত গড়টো কেনেদৰে সংৰক্ষণ কৰিব লাগে তাৰ এটা সুন্দৰ আভাস পদৰ্শনীৰ মাজেৰে প্ৰকাশ কৰিছে ৰাস মহোৎসৱ পৰিচালনা সমিতিয়ে। 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।