জামুগুৰিহাটৰ ননকে চেঙামাৰীত কেন্দ্ৰীয় ৰাস মহোৎসৱ উদযাপন

 11/13/2022 - 12:18
 
 
 
 
জামুগুৰিহাটঃ জামুগুৰিহাটৰ ননকে-চেঙামাৰীত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে শিশু লীলা আৰু মহাৰাস অনুষ্ঠিত হয়৷ শনিবাৰে নিশা ননকে চেঙামাৰীৰ খেল পথাৰত অনুষ্ঠিত ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা মহাৰাসত হাজাৰ হাজাৰ দৰ্শক ৰাইজৰ সমাগম হয়৷ সুন্দৰ সাজসজ্জা, পোহৰ তথা বাদ্যৰ তালে তালে কৃষ্ণ ৰাধা আৰু গোপীৰ নৃত্যত মতলীয়া হয় শত সহস্ৰাধিক দৰ্শক ৰাইজ৷ মহাৰাসখনিৰ শুভ উদ্বোধন কৰে বিশ্বনাথ জিলাৰ উপ আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰুৱাই৷ অনুষ্ঠানটিত অংশগ্ৰহণ কৰে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰা, নাগশংকৰ জিলা পৰিষদৰ সদস্য হিতেশ বৰুৱাকে ধৰি বিশিষ্ট ব্যক্তিসকলে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।