সাৱধান! ঠাণ্ডা দিনত গা ধুলে হ’ব পাৰে হাৰ্টএটেক

 11/18/2022 - 14:46

 


নিউজ ডেস্কঃ এটা গৱেষণাই স্পষ্ট কৰিছে এই কথা। এতিয়া শীত কাল লাহে লাহে যেনেদৰে ধৰালৈ নামিছে শীত অনুৰূপ ধৰণেৰে বৃদ্ধি পাইছে হৃদজনিত কাৰণত মৃত্যু হোৱা লোকৰ সংখ্যা। গৱেষকসকলে মন্তব্য কৰিছে ঠাণ্ডা দিনত অত্যাধিক পৰিমাণে ঠাণ্ডা পানীৰে মূৰ আৰু গা ধুলে হব পাৰে হাৰ্টএটেক। অত্যাধিক ঠাণ্ডাৰ বাবে শৰীৰত তেজ চলাচলত বহু সময়ত বাধাৰ সৃষ্টি হয়। আৰু ই হাৰ্টএটেকৰ অন্যতম কাৰণ হিচাপে ৰূপান্তৰ হয়। উল্লেখযোগ্য যে বিগত বৰ্ষত ভাৰতবৰ্ষত ১৮ লাখ লোক ষ্টক আৰু হাৰ্টএটেকত আক্ৰান্ত হৈছে। গতিকে ঠাণ্ডাৰ দিনত অত্যাধিক ঠাণ্ডা পানীৰে গা ধোৱাৰ সলনি গৰম তথা কুহুমীয়া গৰম পানীৰে গা ধোৱা অভ্যাস কৰক। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।