বাইহাটা চাৰিআলিত কামৰূপ আৰক্ষীৰ স্বচ্ছ অভিযান

 11/20/2022 - 13:48

 

বাইহাটা চাৰিআলিঃ বাইহাটা চাৰিআলিত কামৰূপ আৰক্ষীৰ স্বচ্ছ অভিযান। বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে কামৰূপ আৰক্ষীয়ে হাতত লোৱা কাম-কাজ সমুহৰ অন্যতম আজিৰ স্বচ্ছ অভিযান৷ কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ,চাংসাৰি আৰু বাইহাটা চাৰিআলি আদি ঠাইৰ ব্যস্ত পথ সমূহত চাফাই অভিযান চলাই কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহমেদ, স্থানীয় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকল৷ লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে কামৰূ আৰক্ষীৰ তৰফৰ পৰাা জিলাখনৰ বিদ্যালয় সমূহত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা বুলিও উল্লেখ কৰে আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।