বৰপেটা জিলাৰ জনীয়াস্থিত ফখৰুদ্দিন আলী আহমেদ মেম'ৰিয়াল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ খেল পথাৰত অনুষ্ঠিত হ’ব ১১ সংখ্যক গ্ৰন্থ আৰু বানিজ্য মেলা

 11/20/2022 - 14:46

 

কলগাছিয়াঃ বৰপেটা জিলাৰ জনীয়াস্থিত ফখৰুদ্দিন আলী আহমেদ মেম'ৰিয়াল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ খেল পথাৰত অহা ৪ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব ১১ সংখ্যক গ্ৰন্থ আৰু বানিজ্য মেলা। অনুষ্ঠিত হ'বলগীয়া বানিজ্য মেলাৰ লাইখুঁটা স্থাপন কৰা হয়। লাইখুঁটা স্থাপন অনুষ্ঠানত জনীয়া সত্ৰৰ মুখ্য পাঠক নৱজিত দাস, সত্ৰ পৰিচালনা সমিতিৰ সভাপতি ৰবেন দাস, বাংলীপাৰা হাইস্কুলৰ শিক্ষক নুৰুল ইছলাম, জনীয়া প্ৰেছ ক্লাৱৰ সভাপতি মইনুল হক চৌধুৰী, কৃষক নেতা জয়নাল আবেদিন, জয়নাল আবেদিন জাতীয় বিদ্যালয়ৰ অধ্যক্ষ আয়নাল হককে ধৰি ভালে সংখ্যক গণ্যমান্য ব্যাক্তি উপস্থিত থাকে। গ্ৰুথ ইণ্ডিয়া ছোছাইটীৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া মেলাখনত বিভিন্ন ৰুচিবোধৰ দোকান-পোহাৰ, নাগৰদোলা, ল'ৰা-ছোৱালীৰ নৃত্য, গীত, ক্ৰীড়া,কুইজ আদি প্ৰতিযোগিতাৰ লগতে প্ৰতিদিনেই সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব বুলি গ্ৰুথ ইণ্ডিয়াৰ সম্পাদক মাজিদুল ইছলামে জানিবলৈ দিয়ে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।