বালিকুচিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দ্বাদশ দ্বি-বাৰ্ষিক অধিৱেশন

 11/20/2022 - 19:10

 


নলবাৰীঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ অন্তৰ্গত পূৱ নলবাৰী আঞ্চলিক সমিতিৰ বালিকুছি মজলীয়া বিদ্যালয়ত দ্বাদশ দ্বি বাৰ্ষিক অধিৱেশন-প্ৰতিনিধি আৰু বিষয় বাচনি সভা অনুষ্ঠিত হয়৷ উক্ত অধিৱেশন-প্ৰতিনিধি আৰু বিষয় বাচনি সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পূব নলবাৰী আঞ্চলিক সমিতিৰ সভাপতি লুটফুৰ ৰহমানৰ সভাপতিত্বত পুৱ নলবাৰী আঞ্চলিক সমিতিখন পূৰ্ণ কৰা হয়। পূৰ্বৰ সমিতিখন ভংগ কৰি আগন্তুক ২০২২-২৪ বৰ্ষৰ বাবে সভাপতি লুটফুৰ ৰহমান আৰু সাধাৰণ সম্পাদক ভগবান কলিতাক লৈ ৩১জনীয়া পূৰ্ণাংগ আঞ্চলিক সমিতি গঠন হয়। উক্ত সভাত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ বিষয়বৱীয়াকে ধৰি নলবাৰী জিলা সমিতিৰ বিষয়বৱীয়াৰ লগতে ঘগ্ৰাপাৰ আঞ্চলিক যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা মণ্ডলীৰ লগতে বিভিন্ন আঞ্চলিক যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়া। পূব নলবাৰী আঞ্চলিক সমিতিয়ে অনাগত দিনত ৰাইজৰ হকে কাম কৰি যাব বুলি মন্তব্য প্ৰদান কৰে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।