কঠীয়াতলীত টেট শিক্ষকৰ দ্বাৰা ভাওনা প্ৰদৰ্শন

 11/21/2022 - 11:58

 


কামপুৰঃ কঠীয়াতলীত কেইবাখনো জিলাৰ পৰা ভাড়াতীয়া হিচাপে বাসকৰা সন্মিলিত টেট উত্তীৰ্ণ শিক্ষক মঞ্চৰ দ্বাৰা কুৰুসন্ধ্যা নামৰ নাটক প্ৰদৰ্শন। কালি নিশা কঠীয়াতলী নৱশিখা সংঘৰ মঞ্চত নৰোত্তম প্ৰাথমিক শাখাৰ সহযোগত নাটকখন প্ৰদৰ্শন কৰাত কঠীয়াতলীবাসীয়ে শিক্ষক সকলক প্ৰশংসা কৰে। সভাপতি বিদ্যুত বৰুৱা আৰু সম্পাদকদ্বয় বিকী শৰ্মা, লক্ষীকান্ত মৰাঙে জনাই যে পৰিয়ালৰ পৰা নিলগত থাকি কোনো ব্যক্তিৰ পৰা বৰঙণি নোলোৱাকৈ নিজৰ আত্ম সন্তুষ্টিৰ লগতে কঠীয়াতলী ৰাইজৰ মাজত সমন্বয় সৃষ্টিৰ বাবেই আগৰ দৰে নাট প্ৰদৰ্শনৰ কাৰ্যসূচী হাতত লোৱা হৈছে। ৰাইজৰ সহযোগ আৰু আশিস পালে আগলৈকো এনে কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।           

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।