জলেশ্বৰ আঞ্চলিক ফুটবল টুর্নামেন্টৰ চূড়ান্ত খেলৰ সফল সামৰণি

 11/21/2022 - 14:45

 

জলেশ্বৰ যুৱ সংঘৰ উদ্যোগত আয়োজিত জলেশ্বৰ আঞ্চলিক ফুটবল টুর্নামেন্টৰ চূড়ান্ত খেলত তেকোনা এফ চি,দলে নিচিনপুৰ এফ চি, দলক এক শূন্য গোলত পৰাজিত কৰে। জলেশ্বৰ আঞ্চলিক ফুটবল টুর্নামেন্টৰ চুৰান্ত খেলখনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ অংশগ্রহণ কৰিছিল। আজিৰ এই বিশেষ খেলৰ অনুষ্ঠানত গোৱালপাৰাৰ আৰক্ষী অধ্যক্ষ ৰাকেশ ৰেড্ডী, গোৱালপাৰা জিলা বন বিষয়া জিতেন্দ্র কুমাৰ, লক্ষীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভীমকান্ত পেগু, জলেশ্বৰ উন্নয়ন খণ্ড বিষয়া আব্দুল জলিল প্ৰমুখ্যে স্থানীয় বহু সন্মানীয় ব্যক্তি উপস্থিত থাকে। আজিৰ এই বিশেষ খেলখন চাবলৈ জলেশ্বৰৰ লগতে বিভিন্ন অঞ্চলৰ হাজাৰ, হাজাৰ লোকৰ সোত বৈছিল জলেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।