নগাঁও: ভাৰত চৰকাৰৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ নেহৰু যুৱ কেন্দ্ৰ নগাঁৱৰ উদ্যোগত আৰু অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান "কলংভেলী বহুমুখী উন্নয়ন সমিতিৰ" সহযোগত স্থানীয় মৰিকলং উচ্চ মাধ্যমিক বিদ্যালয়ত আজি দিনযোৰা কাৰ্যসূচীৰে উন্নয়ন খণ্ড ভিত্তিক "প্ৰতিবেশী যুৱ সংসদ" শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়। শিক্ষানুষ্ঠানখনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত শতাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক পদ্মকান্ত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত নগাঁও শিশু শ্ৰমিক কল্যান পৰিষদৰ প্ৰকল্প বিষয়া ৰনদ্বীপ নন্দী, বিশিষ্ট সাংবাদিক কনক হাজৰিকাই সমল ব্যক্তি হিচাপে উপস্থিত থাকি যুৱক-যুৱতী সকলৰ ব্যক্তিত্ব গঢ়াৰ ওপৰত বক্তব্য আগবঢ়ায়। এই অনুষ্ঠানতে যুৱক-যুৱতীসকলক আন্তঃৰাষ্ট্ৰীয় যোগ প্ৰশিক্ষক চন্দ্ৰকান্ত বৰাই প্ৰশিক্ষণ আগবঢ়ায়।
এই কাৰ্যসূচীত আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ তথা আন এগৰাকী যোগ প্ৰশিক্ষক উদ্দিতাৰানী বৰা, স্বেচ্ছাসেৱী অনুষ্ঠানৰ সভাপতি পদ্মকান্ত শৰ্মা, নেহৰু যুৱ কেন্দ্ৰৰ স্থায়ী সমল ব্যক্তি দিপেন শইকীয়াৰ লগতে স্বেচ্ছা সেৱক, সেৱিকা আদিকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰায় ডেৰ শতাধিক ছাত্র-ছাত্রী উপস্থিত থকা সামগ্ৰিক অনুষ্ঠানটি আঁত ধৰে বিদ্যালয়খনৰ সহকাৰী প্ৰধান শিক্ষক মইনুল হকে।