বৰভাগৰ শিমলীয়াত মহাপ্ৰভু শ্ৰীশ্ৰী জগন্নাথ মন্দিৰ উদ্বোধন

 01/28/2023 - 17:58
 
 
 
 
 
বাহাৰঘাটঃ নলবাৰী জিলাৰ বৰভাগৰ শিমলীয়াত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে এটি আকৰ্ষণীয় মহাপ্ৰভু শ্ৰীশ্ৰী জগন্নাথ মন্দিৰ আৰু সভাঘৰ উদ্বোধনী কাৰ্য্যসূচী অনুষ্ঠিত কৰে৷ পহিলা দিনাৰ বিভিন্ন কাৰ্য্যসূচীৰ অন্তত আজি দ্বিতীয় দিনা পুৱা স্বচ্ছ অভিযান, আয়তীসকলৰ দ্বাৰা জল অনায়নৰ পিচতে মহাপ্ৰভু জগন্নাথৰ মণিকুট উদ্বোধন কৰে৷ উল্লেখ্য যে গাওঁখনৰ সমাজকৰ্মী হীৰেন্দ্ৰ কুমাৰ তামুলী আৰু পৰিয়াল বৰ্গৰ পৃষ্ঠাপোষকতাত গাওঁবাসী ৰাইজৰ সহযোগত নিৰ্মাণ কৰিছে মন্দিৰটো৷ সুদুৰ পুৰীৰ জগন্নাথ মন্দিৰৰ আৰ্হিত নিৰ্মীত মন্দিৰ উদ্বোধনী অনুষ্ঠানৰ পুৰুহিত হিচাবে উপস্থিত থাকে পুৰীৰ ব্ৰাহ্মণ পুৰোহিত৷ মন্দিৰ উদ্বোধনৰ পিচতে স্মৃতি গ্ৰন্থ উন্মোচনী অনুষ্ঠান৷ উদ্বোধনী অনুষ্ঠান উদযাপন সমিতিৰ সভাপতি ফনীন্দ্ৰনাথ চক্ৰৱৰ্তীৰ সভাপতিত্ব অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, বৰভাগ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অপুৰ্ব চক্ৰৱৰ্তী,জি টি ভি খ্যাত শিল্পী হৰ্ষিতা ভট্টাচাৰ্যকে ধৰি বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকে৷
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।