ধুবুৰীত বিহু নৃত্য আৰু বিহু গীতৰ ৫ দিনীয়া কৰ্মশালা

 04/07/2023 - 15:38
 
 
ধুবুৰীত বিহু নৃত্য আৰু বিহু গীতৰ ৫ দিনীয়া কৰ্মশালা। নৃত্যাঙ্গন গোষ্ঠীৰ উদ্যোগত ধুবুৰীত বিহু নৃত্য আৰু বিহু গীতৰ কৰ্মশালাৰ যোৱা ২ এপ্ৰিলত শুভাৰম্ভ কৰে ধুবুৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত মানস শইকীয়াই। নৃত্যাঙ্গনৰ সভাপতি শ্ৰীমতী অৰ্পিতা কৰ্মকাৰ আৰু প্ৰশিক্ষক শ্ৰী মৃণ্ময় চন্দ্ৰ ৰয়ৰ প্ৰচেষ্টাত ৩৫ গৰাকী শিশু তথা যুৱতীক দিয়া প্ৰশিক্ষণৰ আজি সামৰণি পৰে।
বিশেষকৈ বঙালী, মাৰোৱাৰী তথা বিভিন্ন জাতি জনজাতিৰ কণ কণ শিশু সকলক দিয়া হৈছে বিহু নৃত্য আৰু বিহু গীতৰ প্ৰশিক্ষণ। আজি সামৰণি পৰা কৰ্মশালাৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলৰ মাজত মানপত্ৰ বিতৰণ কৰা। এই উদ্দেশ্যে অনুষ্ঠিত ধুবুৰী জিলা অতিৰিক্ত উপায়ুক্ত নিত্যানন্দ ওৱাৰি, ধুবুৰী জিলা সাহিত্য সভাৰ উপ সভাপতি উদয়ন চক্ৰৱৰ্তী প্ৰমূখ্যে বহু বিশিষ্ট ব্যাক্তি উপস্থিত থাকে।ধুবুৰী নৃত্যাঙ্গন কাৰ্যলয়ত বিহু কৰ্মশালাৰ আয়োজন কৰি অনুষ্ঠানটোৱে আগন্তুক দিনতো ভৱিষ্যত প্ৰজন্মক সঠিক মাত্ৰা দিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিব।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।