সৰুপথাৰত বিত্তমন্ত্ৰী অজন্তা নেওগ

 04/09/2023 - 12:30
 
 
 
 
শনিবাৰে নিশা সৰুপথাৰত উপস্থিত হয় অসম চৰকাৰৰ ৰাজ্যিক বিত্তমন্ত্ৰী অজন্তা নেওগ। স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনৰ আমন্ত্ৰণ মৰ্মে সৰুপথাৰ সমষ্টিৰ বিভিন্ন কাজ-কাজ পৰিদৰ্শন কৰাৰ কথা জনায় বিত্তমন্ত্ৰী গৰাকীয়ে। সমষ্টিটোৰ অন্তৰ্গত সতী সাধিনী প্ৰকল্পৰ কাম,সৰুপথাৰ মহাবিদ্যালয় আৰু কেইবাটাও পথৰ কাম-কাজ তেওঁ স্থানীয় বিধায়ক গৰাকীৰ উপস্থিতিত পৰিদৰ্শন কৰে।মন্ত্ৰী গৰাকীয়ে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনৰ কাম-কাজত সন্তুষ্ট হোৱাৰ উপৰিও স্বাধীন্নতাৰ ৭৫ বছৰৰ পিছত বৰ্তমান সমষ্টিটোৱে উন্নয়ণৰ মুখ দেখা বুলিও জনায় মন্ত্ৰী গৰাকীয়ে।
 
       
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।