সৰুপথাৰত স্বচ্ছ ভাৰত মিছনৰ অধীনত বিধায়ক বিশ্বজিৎ ফুকনৰ উপস্থিতিত চাফাই অভিযান

 04/09/2023 - 12:42
 
 
সৰুপথাৰত স্বচ্ছ ভাৰত মিছনৰ অধীনত বিধায়ক বিশ্বজিৎ ফুকনৰ উপস্থিতিত চাফাই অভিযান। আজি পুৱা ৭ বজাৰ পৰা সৰুপথাৰ নগৰৰ পৰা সৰুপথাৰ মহাবিদ্যালয় লৈ যোৱা পথ চোৱা সৰুপথাৰ পৌৰ সভাৰ উদ্যোগত বিধায়ক বিশ্বজিৎ ফুকনৰ উপস্থিতিত স্বচ্ছ ভাৰত মিছনৰ অধীনত চাফাই কায্যসূচী ৰূপায়ণ কৰা হয়। উল্লেখ্য যে,বিধায়ক বিশ্বজিৎ ফুকনৰ উদ্যোগত ধনশিৰি মহকুমা সৰুপথাৰ আৰু বৰপথাৰ নগৰৰ লগতে সমষ্টিৰ প্ৰতিখন গাঁও চহৰ প্লাষ্টিক মুক্ত কৰাৰ প্ৰক্ৰিয়া ১ এপ্ৰিলৰ পৰা আৰম্ভ হৈছিল। সৰুপথাৰত প্লাষ্টিক মুক্ত কৰাৰ লক্ষ্য আগত লৈ আজি উক্ত চাফাই অভিযান চলোৱা পৰিলক্ষিত হয়। চাফাই অভিযানৰ যোগেদি অনাগত দিনত সৰুপথাৰ আৰু বৰপথাৰ নগৰক অসমৰ ১০ খন পৰিস্কাৰ চহৰৰ ভিতৰত ৰাখিবলৈ প্ৰয়াস বিশ্বজিৎ ফুকনৰ। উক্ত চাফাই অভিযানত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে, মহকুমা আৰক্ষী বিষয়া তৃণয়ন ভূঞা, সৰুপথাৰ পৌৰ সভাৰ পৌৰপতি ঊষা ভিলৰিয়া, পৌৰসভাৰ বিষয়ববীয়া সকলৰ লগতে সৰুপথাৰ নগৰৰ ভালেসংখ্যক ৰাইজ উপস্থিত থাকে।  
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।