সীমান্তৰ উৰিয়ামঘাটত কেইবাটাও আঁচনিৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন বিধায়ক বিশ্বজিৎ ফুকনৰ

 04/09/2023 - 16:47
 
 
 
অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত আজি কেইবাটাও আঁচনিৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হয়। এই শুভ উদ্বোধন আৰু আধাৰশিলাৰ কাৰ্যসূচীৰ ৰূপায়ণ কৰে সমষ্টিটোৰ জনপ্ৰিয় বিধায়ক বিশ্বজিৎ ফুকনে। জনপ্ৰিয় বিধায়কজনে আজিৰ কাৰ্যসূচীত প্ৰথমে আউনীআটী সত্ৰৰ শাখা নামঘৰত ভকত-বৈষ্ণৱৰ সৈতে অখণ্ড ভাগৱত অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে উৰিয়ামঘাট ৰাজহুৱা ভৱনৰ মঞ্চ উদ্বোধন, উৰিয়ামঘাট আদৰ্শ অংগনবাদী কেন্দ্ৰৰ উদ্বোধন, উৰিয়ামঘাটৰ পৰা পদুম পথাৰ যোৱা পথ আৰু বিনেশ্বৰী ব্ৰক্ষ্ম বিদ্যালয়ৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। বিধায়কজনে আশা কৰি জনায় যে, বিশেষকৈ সীমান্তৰ উৰিয়ামঘাট অঞ্চল বুলিলে সাধাৰনতে মানুহৰ মনলৈ ভয় ভিত্তি থাকে নগা সীমান্তৰ অঞ্চল। গতিকে এই অঞ্চল সমুহ উন্নত অঞ্চললৈ লৈ যাব' পাৰি, প্ৰগতিৰ দিশলৈ লৈ যাব পাৰি তাৰ প্ৰচেষ্টা অব্যহ্যাত থাকিব।
 
        
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।