ডুমডুমা নগৰ খেল পথাৰত "ৰাতি বিহু"ৰ লাইখুঁটা স্থাপন

 04/09/2023 - 18:19
 
 
ডুমডুমাঃ ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ স্বকীয় ঐতিহ্য হৈছে "ৰাতি বিহু"| অসমৰ খিলঞ্জীয়া জনজাতিসমূহৰ অন্যতম মৰাণ জনজাতিৰ কলা-সংস্কৃতিৰ ভড়াল অতি টনকিয়াল, তাৰ মাজৰ জনজাতিটোৱে পালন কৰি অহা "ৰাতি বিহু"য়ে সাম্প্ৰতিক অসমৰ সাংস্কৃতিক জগতখনত বিশেষ গুৰুত্ব আৰু সমাদৰ পাবলৈ সক্ষম হৈছে| বিশেষ ঐতিহ্য বহন কৰি অহা গাঁৱৰ চোতালৰ সেই "ৰাতি বিহু" বিশ্ব দৰবাৰত চিনাকী কৰাই দিয়াৰ উদ্দেশ্যে মৰাণ সম্প্ৰদায়ৰ কেওটা সংগঠন-অসম মৰাণ সভা, সদৌ মৰাণ ছাত্ৰ সন্থা, মৰাণ জাতীয় মহিলা পৰিষদ আৰু সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰ ডুমডুমা আঞ্চলিক সমিতিয়ে যৌথ উদ্যোগত অহা ইং ২১ এপ্ৰিল তাৰিখে ডুমডুমা নগৰ খেল পথাৰত "ৰাতি বিহু"ৰ আয়োজন কৰিছে| ইয়াৰ বাবে ইতিমধ্যে মুলেন্দ্ৰ মৰানক সভাপতি, জয়কান্ত মৰাণ আৰু ৰাণা সোনাৰক যুটীয়া সম্পাদক হিচাবে লৈ এক আদৰণী সমিতি গঠন কৰা হয় আৰু আজি ডুমডুমা নগৰ খেল পথাৰত "ৰাতি বিহু"ৰ "লাইখুঁটা স্থাপন" অনুষ্ঠান সম্পন্ন কৰা হয়| অনুষ্ঠানত ডুমডুমা প্ৰেছক্লাৱৰ বিষয়ববীয়াৰ লগতে স্থানীয় দল-সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰে| ২১ এপ্ৰিলত আয়োজিত ৰাতি বিহু অনুষ্ঠানত সকলো জাতি-জনগোষ্ঠী-সম্প্ৰাদয় লোকৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে আদৰণী সমিতিয়ে| 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.