এতিয়া কোনে শুধৰাবঃ ৰাইজে ভুলবোৰকেই চাই থাকিব নেকি?

 10/30/2023 - 22:29
এতিয়া কোনে শুধৰাবঃ ৰাইজে ভুলবোৰকেই চাই থাকিব নেকি?

ডিজিটেল ডেস্কঃ গুৱাহাটীত নৱনিৰ্মিত উৰণ সেতুবোৰৰ খুটাবোৰত অংকিত সুন্দৰ সুন্দৰ চিত্ৰবোৰ আপোনাৰো হয়তো চকুত পৰিছে। বিচিত্ৰ অসমৰ ছবিখন ফুটাই তুলিবলৈ শিল্পীসকলে দিন-ৰাত একাকাৰ কৰি অংকণ কৰিছিল এই চিত্ৰসমূহ। কিন্তু শেহতীয়াকৈ এই চিত্ৰসমূহক লৈ আৰম্ভ হৈছে বিৰ্তকৰ। নিলোতপল মহন্ত নামৰ এগৰাকী নেটিজেনে এই চিত্ৰসমূহক লৈ লিখিছে এনেদৰে-

যোৱা কালি প্ৰথমবাৰৰ বাবে Zoo Road স্থিত উৰণীয়া সেঁতুখনৰ ফালে গৈছিলো আৰু তাৰ খুটাবোৰত অঙ্কিত ছবিবোৰত মোৰ দৃষ্টিগোচৰ হৈছিল আৰু তাৰ বিষয়ে কেইটামান কথা কব বিচাৰিছো.

খুটাবোৰত অঙ্কিত বহুসংখ্যক বন্যপ্ৰাণীৰ অসমীয়া নাম ভুলকৈ লিখা হৈছে, কিছুমান চিত্ৰ তলত দিয়া হৈছে।

Bengal Florican চৰাইটোৰ অসমীয়া নাম উলুমৰা কিন্তু খুটাত অঙ্কিত চৰাইটো আচলতে Lesser Florican (মূৰৰ টিকনিডাল উলুমৰা চৰাইটোৰ নাথাকে)।
Common Hoopoe চৰাইটোৰ অসমীয়া নাম কাকৈশিৰা, কিন্তু খুটাত চৰাইটো কাঠৰোকা বুলি লিখা আছে। খুটাত অঙ্কিত বনচিৰিকা চৰাইটোৰ চিত্ৰত লিখা আছে ঘৰচিৰিকা।
Little pied Flycatcherৰ চিত্ৰত লিখা আছে দহিকতৰা, দহিকতৰা চৰাইৰ ইংলিছ নাম হৈছে magpie robin গোধাফুটুকী বাঘৰ ঠাইত লিখা আছে লতামাকৰি, ৰেকুন বুলি লিখা জন্তুটোৰ শুদ্ধ নামটো হৈছে লেমুৰ ইত্যাদি ইত্যাদি

আজিৰ দিনত অসমৰ প্ৰত্যেকখন বিশ্ববিদ্যালয়ত প্ৰাণীবিজ্ঞান বিভাগ আছে, বহুকেইখনত বন্যপ্ৰাণী অধ্যয়ণ বিভাগ আছে লগতে অসমত বহুত বন্যপ্ৰাণী বিশেষজ্ঞ আৰু বন্যপ্ৰাণী আলোকচিত্ৰশিল্পী আছে প্ৰয়োজন হলে তেওঁলোকৰ কাষচপা হলেই নামবোৰ শুদ্ধকৈ লিখিব পৰা গলে হয়।
মই চিত্ৰকৰ কেইজনক ধন্যবাদ জনাইছো যে তেওঁলোক ইমান সুন্দৰ চিত্ৰ অঙ্কন কৰিছে, লগতে অনুগ্ৰহ কৰিব বিচাৰিছো যে এই ভুল হৈ থকা নামবোৰ পাৰিলে শুধৰাই দিয়ক।

এইখিনিৰ শুধৰণি নকৰিলে এই ভুল নামখিনিয়ে মানুহে শুদ্ধ বুলি আঁকোৱালি লব আৰু সকলো জানিও আমাৰ দ্বাৰা এটা ডাঙৰ ভুল হৈ যাব।
Himanta Biswa Sarma ডাঙৰীয়াক অনুৰোধ জনাইছো যে আগন্তুক আৰম্ভ হবলগীয়া উৰণীয়া সেঁতুকেইখনৰ খুঁটাত যদি বন্যপ্ৰাণীৰ চিত্ৰ অঙ্কনৰ পৰিকল্পনা কৰে অনুগ্ৰহ কৰি চিত্ৰকাৰৰ দলটিত এজন বন্যপ্ৰাণী বিশেষজ্ঞ ৰাখিব বা কোনো বিশেষজ্ঞৰ লগত ভালদৰে আলোচনা কৰিহে চিত্ৰবোৰ অঙ্কন কৰিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।