আহি আছে ৰাগ ঐণিতমৰ নতুন ছবি 'ৰাজা-ৰাম', কিন্তু তাৰ আগতেই...

 11/02/2023 - 20:46
আহি আছে ৰাগ ঐণিতমৰ নতুন ছবি 'ৰাজা-ৰাম', কিন্তু তাৰ আগতেই...

ডিজিটেল ডেস্কঃ ৰাঘৱক লৈ যেন বিৰ্তকৰ অন্ত নপৰিবই। যতীন বৰাৰ নতুন ছবিখন মুক্তি পোৱাৰ পিছতে বিভিন্ন প্ৰসংগ টানি আনি একাংশ নেটিজেনে ধাৰাবাহিক কটাক্ষ অব্যাহত ৰাখিছে। এনে সময়তে এই বিৰ্তকত যেন নতুনকৈ জাপ দিলে অভিনেতা ৰাগ ঐণিতমে। ৰাঘৱ ছবিখনৰ বিৰোধিতা আৰু নাচাও বুলি কোৱাসকলক উদ্দেশ্যি এইবাৰ তীব্ৰ বাক্যবাণ এৰিলে অভিনেতাগৰাকীয়ে।

ৰাঘৱৰ সন্দৰ্ভত সাংবাদিকে প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰাত অভিনেতাগৰাকীয়ে- ৰাঘৱ নোচোৱা আৰু ইয়াৰ বিৰোধিতা কৰাসকল মূৰ্খ আৰু সাংস্কৃতিকদ্ৰোহী বুলি মতপোষণ কৰে। অভিনেতাগৰাকীয়ে লগতে কয় যে, এইসকলক এতিয়াই চিনি থব লাগে। নতুবা ভৱিষ্যতে এনেসকলে অসমৰ সাংস্কৃতিক ক্ষেত্ৰত আৰু অধিক বেয়া পৰিস্থিতিৰ সৃষ্টি কৰিব।

ৰাগ ঐনিতমৰ এই প্ৰতিক্ৰিয়াৰ পাছতে এতিয়া সামাজিক মাধ্যমত একাংশ নেটিজেনে এতিয়া যতীন বৰাৰ পৰিৱৰ্তে কটাক্ষ কৰাৰ আৰম্ভ কৰিছে ৰাগ ঐনিতমক। বহুতে এয়াৰ বিজেপিৰ চাইড এফেক্ট বুলি মন্তব্য কৰাৰ উপৰিও একাংশই বিচাৰি বিচাৰি ৰাগ ঐণিতমে বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ সৈতে তোলা ফটোৰ শ্বীন চৰ্ট শ্বেয়াৰ কৰিছে।

বহুতে অভিনেতা ৰাগ ঐণিতমক কটাক্ষ কৰি লিখিছে যে- আমি মুৰ্খ বুলি অল্পমতিয়ে ৰাজহুৱাভাৱে ক’লে। কিছু কিছুয়ে এইবুলিও কৈছে যে, ৰাগ ঐনিতম জন বিজেপিৰ মুখপাত্ৰ। এইজনক ৰাইজে কেতিয়াবাই পাহৰিলে।‌শিল্পী সদায়‌ শিল্পী হৈ থাকিব লাগে, ৰাজনীতি কৰিবলৈ বহুত মানুহ আছে।‍

অৱশ্যে বহুতে ৰাগ ঐণিতমক সমৰ্থনো কৰিছে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ৰাগ ঐণিতমৰো এখন আহিবলগীয়া ছবিৰ কাম ইতিমধ্যে চলি আছে। ছবিখনৰ নাম ৰাজা-ৰাম বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।