ছচিয়েল মিডিয়াৰ জোৰঃ পে পে কৰিশ্মাই ছমাহতে কিনিলে দুখন গাড়ী...

 03/23/2024 - 23:45

ডিজিটেল ডেস্কঃ সামাজিক মাধ্যমৰ সঠিক ব্যৱহাৰ আৰু সময়োপযোগী হলে সলনি হ'ব পাৰে বহুতৰ জীৱন। আমাৰ অসমতে ইয়াৰ অলেখ উদাহৰণ আছে। শেহতীয়াকৈ বিভিন্ন ক্ষেত্ৰতলৈ অতি ক্ষিপ্ৰতাৰে অহা ডিজিটেল ব্যৱস্থাই বহুতকে ৰাতিটোৰ ভিতৰতে সলনি কৰিছে জীৱন। সামাজিক মাধ্যমে ৰাতিটোৰ ভিতৰতে জীৱন সলনি কৰি দিয়া এগৰাকী যুৱতী হৈছে কৰিশ্মা নাথ।

নাগাৰা নামক কিছু পৃথককৈ উপস্থাপন কৰি ৰাতিটোৰ ভিতৰতে সমগ্ৰ অসমৰে এটি চিনাকি নাম হৈ পৰিছিল কৰিশ্মা নাথ। সংবাদ মাধ্যমৰো শিৰোনাম দখল কৰিবলৈ সক্ষম হোৱা কৰিশ্মা নাথৰ এটি বিশেষ নাগাৰা নাম সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতে সলনি হৈছিল জীৱন। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কৰিশ্মা নাথলৈ আহিছিল নাগাৰা নাম পৰিৱেশনৰ আমন্ত্ৰণ। কেৱল আমন্ত্ৰণেই নহয়, যলৈকে গৈছিল তাতেই কৰিশ্মা নাথক চাবলৈ সমাগম হৈছিল হাজাৰ হাজাৰ লোকৰ।

বৰ্তমান সামাজিক মাধ্যমতো অতি সক্ৰিয় কৰিশ্মা নাথ। ফেচবুকৰ লগতে ইউটিউবতো আছে কৰিশ্মা নাথৰ লক্ষাধিক ফলৱাৰ্ছ। সামাজিক মাধ্যমৰ পৰাও যথেষ্ট ধন অৰ্জন কৰিবলৈ সক্ষম হোৱা কৰিশ্মা নাথে কিছুদিনৰ আগেয়ে এখন বাহন ক্ৰয় কৰাৰো খবৰ আহিছিল। সেই বাহনখন ক্ৰয় কৰাৰ প্ৰায় ৬মাহৰ পাছতেই কৰিশ্মাই কিনিলে অন্য এখন বাহন। এই কথা নিজেই সামাজিক মাধ্যমত ফটোৰ সৈতে শ্বেয়াৰ কৰিলে কৰিশ্মাই।

এখন বগা স্কৰপিঅ'ৰ সৈতে কৰিশ্মাই ফটো তুলি এয়া মোৰ নতুন গাড়ী বুলি কেপচনত উল্লেখ কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, আৰ্থিকভাৱে দুৰ্বল কৰিশ্মা নাথে শেহতীয়াকৈ তেওঁ থকা ঘৰখনো নতুনকৈ নিৰ্মাণ কৰিছে। এই সকলোদিশ চাই এতিয়া নেটিজেনসকলৰ মাজত চৰ্চা চলিছে যে, সামাজিক মাধ্যমৰ বাবেই ইমানখিনি সম্ভৱ হৈছে কৰিশ্মাৰ বাবে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।