জ্যেষ্ঠ সাংবাদিক তফিকউদ্দিন আহমেদ, কন্ঠশিল্পী দিপলিনা ডেকাৰ লগতে ৬গৰাকী ব্যক্তিলৈ 'পূৰ্বাঞ্চল উদিত সূৰ্য বঁটা'...

 07/15/2024 - 01:53
ডিজিটেল ডেস্কঃ মহানগৰীৰ আগশাৰীৰ পূৰ্বাঞ্চল ষ্টেপচ একাডেমিয়ে আয়োজন কৰিলে এক বিশেষ সাংস্কৃতিক অনুষ্ঠান ৷ কালি পাঞ্জাবাৰীস্থিত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত পূৰ্বাঞ্চল ৰাইজিং ষ্টেপচ্ একাডেমীৰ এই বিশাল সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷ একাডেমিখনৰ তৃতীয় বাৰ্ষিক অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আৰু বিশেষ বঁটা প্ৰদান অনুষ্ঠান ৷ 
 
ইয়াৰ আগতে একাডেমিৰ ওদালবাক্ৰা চেন্টাৰত আঠদিনীয়া গৃষ্মকালীন কৰ্মশালা অনুষ্ঠিত হয়। শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাত কেইবাগৰাকী যশস্বী নৃত্য প্ৰশিক্ষক আৰু মডেলিং বিষয়ৰ অভিজ্ঞ ব্যক্তিৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীত ছাত্ৰ ছাত্ৰী সকলক শাৰীৰিক ব্যায়াম আৰু মানসিক উৎকৰ্ষ সাধনৰ লক্ষ্য আগত ৰাখি প্ৰশিক্ষণ দিয়াৰ চেষ্টা কৰা হয়।
 
কৰ্মশালাৰ অন্ততঃ কালি মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । ইয়াত ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন ধৰণৰ নৃত্য গীত কবিতা আবৃত্তি আদি পৰিবেশন কৰে নিজৰ নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে । অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী গোপাল জালানে। এই অনুষ্ঠানত  ৰাজ্যৰ ছয়গৰাকী বিশিষ্ট সাংস্কৃতিক কৰ্মী সাংবাদিকক পূৰ্বাঞ্চল উদিত সূৰ্য বটা প্ৰদান কৰা হয়। বঁটা প্ৰাপক সকল হ’ল ক্ৰমে অভিনেতা দেৱজিৎ অধিকাৰী, পুলকেশ ভট্টাচাৰ্য্য, সাংবাদিক তফিকউদ্দিন আহমেদ, শিল্পী দিপলিনা ডেকা , অংশুমান পল ডেকা আৰু শিশুশিল্পী হৰ্ষিতা ভট্টাচাৰ্য ৷
 
উল্লেখযোগ্য যে প্ৰতিষ্ঠিত নৃত্য প্ৰশিক্ষক জিন্টু বৰপুজাৰীক অধ্যক্ষ হিচাপে লৈ সাংস্কৃতিক কৰ্মী বনজিৎ পাটগিৰি দীপামনি পাটগিৰি আৰু পূৰ্ণিমা দলেৰ নেতৃত্বত স্থাপিত হোৱা পুৰ্বাঞ্চল ৰাইজিং ষ্টেপচ্ একাডেমীয়ে বিগত তিনিটা বছৰ ধৰি মহানগৰীৰ তিনিটা চেন্টাৰত ছাত্ৰ ছাত্ৰী সকলক নৃত্য প্ৰশিক্ষক দি আহিছে। এই প্ৰতিষ্ঠানখনৰ পৰা ভালেমান ছাত্ৰছাত্ৰীয়ে বিভিন্ন ঠাইত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে ৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।