09/19/2024 - 17:06
in
- তফিকউদ্দিন আহমেদ
মহামানৱ মহাত্মা গান্ধীৰ পুত্ৰই যেতিয়া ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল তেতিয়া গান্ধীজীয়ে এটা কথা জানিবলৈ উদগ্ৰীৱ হৈ আছিল, সেয়া আছিল তেওঁৰ সন্তানে মদ্যপান ত্যাগ কৰিছেনে নাই ! মহাত্মা গান্ধীয়ে কৈছিল যে- 'তেওঁৰ সন্তানে ধৰ্ম পৰিৱৰ্তনত সিমান আপত্তি নাই যিমান আপত্তি মদ্যপানত আছে৷'
শেহতীয়াকৈ আমাৰ অসমত কিছুমান নোহোৱা নোপোজা ঘটনা সঘনে সংঘটিত হ’বলৈ ধৰিছে ৷ সভ্য সমাজৰ বিবেক দংশন কৰা এই ঘটনাবোৰে এক ভয়াবহ সময়ৰ ইংগিত বহন কৰিছে ৷ ধৰ্ষণ, হত্যাকাণ্ডৰ ঘটনাই অসমৰ পৰিৱেশ উত্তাল কৰি থকাৰ সময়তে আন কিছুমান ভয়ংকৰ ঘটনাই বিবেকবান মানুহক চুই গৈছে ৷ পিতৃয়ে পুত্ৰক হত্যা কৰা বা পুত্ৰই পিতৃ-মাতৃক হত্যা কৰা আদি ঘটনাবোৰ সঘনাই সংঘটিত হ’ব ধৰিছে৷ আগতে চাহ বাগান বা যথেষ্ট অনুন্নত কিছু ঠাইত কাচিৎ দুই এটা এনেকুৱা নাৰকীয় ঘটনা সংঘটিত হৈছিল ৷ এই ঘটনাবোৰৰ শিপালৈকে গ’লে দেখা যায় যে অনুন্নত,অশিক্ষিত আৰু অবাধ সুৰাৰ প্ৰচলন থকা ঠাইবোৰতহে সভ্য সমাজক জোকাৰি যোৱা কিছুমান নাৰকীয় ঘটনা সংঘটিত হৈছিল।
শেহতীয়াকৈ কেইবাটাও ঘটনাৰ দৃশ্যপট দেখি আচৰিত হৈছো ৷ আমাৰ অসমীয়া সমাজখনতো এনেকুৱা ভয়ংকৰ নাৰকীয় ঘটনা সঘনাই সংঘটিত হ’বলৈ ধৰাত কোনোবাখিনিত ভয় খাইছো ৷ কালিৰ নলবাৰী বৰ্মন পৰিয়ালত পুত্ৰই পিতৃক হত্যা কৰাৰ পাছত আজি শিৱসাগৰৰ বৰুৱা পৰিয়ালত পিতৃয়ে পুত্ৰক হত্যা কৰিছে ৷ এই দুয়োটা অসমীয়া নিম্ন মধ্যবিত্ত পৰিয়াল৷ যদি আপুনি ঘটনাৰ শিপালৈকে যায় তেনেহ’লে দেখিব ইয়াৰ আঁৰত আছে সুৰা ৷ সুৰাৰ অবাধ প্ৰচালন আগতে চাহ বাগিছাৰ লাইন বা কিছু অনগ্ৰসৰ অঞ্চলত সীমাবদ্ধ আছিল ৷
চাহ বাগিছাত বা সাধাৰণ কাম-বন কৰি জীৱন নিৰ্বাহ কৰা এই মানুহখিনিৰ প্ৰায়ভাগেই অশিক্ষিত আৰু সুৰাকে জীৱনৰ বন্ধু বুলি গণ্য কৰিছিল ৷ এইখিনি মানুহে পুৱাৰ পৰা নিশালৈকে সুৰাৰ ৰাগিত মত্ত আছিল, বহুসময়ত বিষাক্ত সুৰা সেৱনৰ ফলত বহুতে অকাল মৃত্যুকো আকোঁৱালি ল’বলগীয়া হৈছে ৷ এতিয়া যেন সময় সলনি হৈছে, এই সুৰাৰ প্ৰাদুৰ্ভাৱ অসমৰ বিভিন্ন প্ৰান্তলৈকে সিঁচৰিত হৈছে ৷ অসমৰ চুকে-কোণে লোকেল সুৰাৰ লগতে বিদেশী সুৰা সুলভ হৈছে। চৰকাৰে ৰাজহৰ বাবে জধেমধে সুৰাৰ দোকানৰ লাইচেঞ্চ দিছে, যাৰবাবে হত্যা, ধৰ্ষণৰ দৰে জঘন্য ঘটনা ধাৰাবাহিক সংঘটিত হৈ আছে ।
এই সকলো অপৰাধৰ আঁৰত কিন্তু সুৰা ৷ মানুহক আমাক ধৰ্মৰ আফিং খুৱাই বিকলাংগ কৰা হৈছে যাতে মানুহবোৰে প্ৰকৃত কথাত মাত মাতিব নোৱাৰে ৷ ধৰ্মক লৈ বা নিজৰ সম্প্ৰদায়ৰ বাবে সম্প্ৰীতি বিনষ্ট হৈছে ৷ একাংশৰ নীচ মানসিকতাৰ বাবে ভাতৃত্বৰ সম্পৰ্কত ঘূণে ধৰিছে ৷ সদাজত বিভেদ সৃষ্টি হৈছে ৷ কিন্ত ধৰ্মৰ নামত ভেদাভেদ সৃষ্টি কৰাতকৈ এইবোৰ সামাজিক ব্যাধিৰ বিৰুদ্ধেহে মাত দিয়াৰ সময় আহিছে ৷ সুৰাৰ বিৰুদ্ধে এইবোৰৰ একগোট হৈ জনমত গঠনৰ সময় আহিছে নহ’লে এই সুৰাই এদিন আপোনাকো ধ্বংস কৰিব, আপোনাৰ ঘৰতো এনেকুৱা নাৰকীয় ঘটনা সংঘটিত হ’ব...