দিল্লীৰ কালিন্দী কুঞ্জ মেট্ৰ’ ষ্টেছনৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড

 06/21/2019 - 12:28

ডিজিটেল ডেস্কঃ দিল্লীৰ কালিন্দী কুঞ্জ মেট্ৰ’ ষ্টেছনৰ সমীপৰ চাহিন বাগত ভয়ংকৰ অগ্নিকাণ্ড। এখন ফাৰ্ণিচাৰ বজাৰত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত কেইবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠান।

অৱশ্যে কোনো লোক হতাহত হোৱা নাই এই অগ্নিকাণ্ডত। ভয়ংকৰ অগ্নিকাণ্ডটোৰ পিছতে কালিন্দী কুঞ্জ আৰু ব’টানিকেল গাৰ্ডেনৰ মাজত চলা মেট্ৰ’ ৰেল সেৱা সাময়িকভাৱে বাতিল কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।