লংকাৰ ৰিলায়েঞ্চ তেল ডিপোত নিশা ক্ষুব্ধ গ্ৰাহক: মইমতালিৰে তেল ডিপো চলাই যোৱাৰ অভিযোগ

 06/21/2019 - 17:41

লংকা: তেল ভৰাবলৈ গৈ লংকাৰ ৰিলায়েঞ্চ তেল ডিপোত বৃহস্পতিবাৰে নিশা সমস্যাত পৰিবলগীয়া হ'ল গ্ৰাহক। কিয়নো ৫০০ টকাৰ ডিজেল তেল ডিপোটোত দিয়া নহয়। ডিপোটোত এতিয়াৰ পৰা তেল ভৰাবলৈ হ'লে ২০০০ টকাৰ তেল ভৰাব লাগিব। সৰ্বনিম্ন ২০০০ টকাৰহে তেল দিব পাৰে ডিপোটোৱে। ইয়াৰ অন্যথা ডিপোটোৰ কৰ্তৃপক্ষ অপাৰগ তেল দিবলৈ। সেয়েহে লংকাৰ ৰিলায়েঞ্চ তেল ডিপোত তেল ভৰাবলৈ হ'লে ২০০০ টকাৰ নোট লগত নিয়াটো বাধ্যতামূলক। বৃহস্পতিবাৰে নিশা তেনে এক ঘটনায়ে ঘটিল।

ইয়াকে লৈ ক্ষুব্ধ হৈ পৰে গ্ৰাহকজন। পৰবৰ্তী সময়ত গ্ৰাহকজনক ডিপোটোৰ কৰ্তৃপক্ষই ৫০০ টকাৰ তেল দিয়ে যদিও অন্য এজন ব্যক্তিৰে তেলৰ শ্লিপত মিলাইহে তেল দিয়ে। তেওঁক লগতে ডিপোটোৰ কৰ্তৃপক্ষই এখন কেচা শ্লিপ প্ৰদান কৰে।

ইপিনে ডিপোটোত কোনোধৰণৰ জাননী নিদিয়াকৈ এইধৰণে গ্ৰাহকক কৰা হাৰশাস্তিৰ বাবে স্থানীয় প্ৰশাসনৰ ওচৰত বিহিত ব্যৱস্থাৰ দাবী উত্থাপন কৰিছে ক্ষুব্ধ গ্ৰাহকসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।