দিল্লীত মহিলা সাংবাদিকক গুলীয়াই হত্যাৰ চেষ্টা

 06/23/2019 - 14:55

ডিজিটেল ডেস্কঃ দিল্লীত মহিলা সাংবাদিকক আক্ৰমণ। পূৱ দিল্লীৰ অশোক নগৰত নিশা প্ৰায় ১২.৩০ বজাত সংঘটিত হয় এই ঘটনা। শনিবাৰে নিশা মুখত ক'লা কাপোৰ পিন্ধি অহা অচিনাকী দুৰ্বৃত্তই প্ৰথমে নয়ডাৰ এক টেলিভিছন চেনেলত কৰ্মৰত মিতালী চাণ্ডোলা নামৰ মহিলা সাংবাদিকগৰাকীৰ বাহনত কণী দলিয়াই দিয়ে।

পিছত বাহনখন চলি থকা অৱস্থাতে কেইবাটাও গুলী নিক্ষেপ কৰে দুৰ্বৃত্তই। দুৰ্বৃত্তৰ গুলীত মিতালী চাণ্ডোলাই বাহুত গুৰুতৰ ভাৱে আঘাত পায়। আঘাতপ্ৰাপ্ত চাণ্ডোলাক ধৰ্মশালা নাৰায়ণা চুপাৰস্পেটিয়েলটি হাস্পতালত ভৰ্তি কৰোৱা হয়। আনহাতে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈ জানিব পৰা হোৱা নাই ঘটনাৰ প্ৰকৃত ৰহস্য। পাৰিবাৰিক সংঘৰ্ষৰ পৰিণতি বুলি আৰক্ষীয়ে প্ৰথম তদন্তত সন্দেহ প্ৰকাশ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।