মধ্য প্ৰদেশৰ সাগৰ জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা

 06/23/2019 - 15:56

ডিজিটেল ডেস্ক: মধ্য প্ৰদেশৰ সাগৰ জিলাৰ বীণাস্থিত অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। হাস্পতালখনত চিকিৎসাধীন এজন বয়োজ্যেষ্ঠ প্ৰধান শিক্ষকক বৃহস্পতিবাৰে নিশা মৃত বুলি ঘোষণা কৰে চিকিৎসকে। কিন্তু শুক্ৰবাৰে পুৱা মৰণােত্তৰ পৰীক্ষাৰ বাবে নিয়াৰ সময়ত উশাহ-নিশাহ লোৱা প্ৰত্যেক্ষ কৰে বয়ো বৃদ্ধগৰাকীক। চিকিৎসকৰ গাফিলতিত হােৱা এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে।লগে লগে লোকজনৰ চিকিৎসা আৰম্ভ কৰা হয় যদিও তিনি ঘণ্টা পিছত লোকজনে মৃত্যুক সাৱটি লয়।

১৪ জুনত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল লোকজনক। ৭২ বছৰীয়া কিষাণ ছোনী নামৰ লোকজন নৌগাঁৱৰ বাসিন্দা আছিল। মৃত লোকজনৰ ভাতৃয়ে জনোৱা অনুসৰি এখন ব্যক্তিগত বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল ছোনী। দৈনিক ভাস্কৰ'ত প্ৰকাশ পাইছে এই খবৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।