বন মহোৎসৱ উপলক্ষে ৬৫০০ জোপা গছপুলি ৰোপণ ত্ৰিপুৰাবাসীৰ

 06/24/2019 - 14:08

ডিজিটেল ডেস্ক: চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত আৰম্ভ হৈছে বন মহোৎসৱ। এই উপলক্ষে ৰাজ্যখনত বৰ্তমান বৃক্ষৰোপণৰ কাৰ্যসূচী হাতত লোৱা হৈছে। ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ উপস্থিতিত ৰাজ্যৰ বন বিভাগে একপ্ৰকাৰৰ অভিলেখ সৃষ্টি কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুয়োকাষে এক মিনিটত প্ৰায় ৬৫০০ জোপা গছপুলি ৰোপণ কৰে বন বিভাগে। এই কাৰ্যসূচীত স্কুল, কলেজৰ শিক্ষক-শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীয়ে মন্তব্য কৰে যে বন মহোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিগৰাকী ব্যক্তিয়ে বৃক্ষৰোপণৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো অপৰিহাৰ্য।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।