দৰং গ্ৰামোন্নয়ন বিভাগত ৭ কোটি টকাৰ দুৰ্নীতি

 03/16/2019 - 18:20

আবুল হাছেম,খাৰুপেটীয়া: শূন্য সহনশীলতাৰ নীতি অবলম্বন কৰা বিজেপি চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগত নিযুক্তিৰ নামত সংঘটিত দুৰ্নীতিৰ পিছত এইবাৰ আন এক দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে দৰঙত। দৰঙৰ গ্ৰামোন্নয়ন বিভাগত এম জি এনৰেগা আঁচনিত সাত কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে।

গাঁও সভাৰ প্ৰস্তাবক জলাঞ্জলি দি ২০% কমিচন লৈ কাৰিকৰী (TS) স্বীকৃতি আৰু প্ৰশাসনিক অনুমতি অবিহনে কোটি কোটি টকাৰ আঁচনিৰ অনুমোদনপত্ৰ বিলালে প্ৰকল্প সঞ্চালকে। মাত্ৰ ১৫ দিন পিছত অৱসৰ গ্ৰহণ কৰিবলৈ ওলোৱা দৰং জিলা গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালক গোলাম মোস্কাদিৰে ২০% কমিচন লৈ এটাৰ পিছত এটাকৈ প্ৰায় ৭ কোটি টকাৰ ২৫০টা এনৰেগা আঁচনি মুকলি কৰি দিয়ে।

একমাত্ৰ কমিচনৰ স্বাৰ্থত গাঁও সভাত অনুমোদন দিয়া আঁচনিক গুৰুত্ব নিদি অধিক কমিচন দিয়া আঁচনিসমূহ অনুমোদন দিয়াৰ লগতে কাৰিকৰী স্বীকৃতি আৰু প্ৰশাসনিক অনুমোদনৰ নোহোৱাকৈ নিজ খেয়াল খুচি মতে ২ লাখ টকীয়া আঁচনিক ৫ লাখ টকা কৰি কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন জনপ্ৰতিনিধিৰ।

দুৰ্নীতি অনিয়মৰ আশ্ৰয় লৈ বিজেপিৰ নিৰ্বাচনী খৰচ সংগ্ৰহ কৰাৰ অভিযোগ তুলি আন্দোলনমুখী হৈছে জনপ্ৰতিনিধিসকল। এতিয়া প্ৰশ্ন হয় ১৫ দিন পিছত অৱসৰ গ্ৰহণ কৰিবলৈ ওলোৱা বিষয়াগৰাকীক নাকি লগাব কোনে ? নে সাৰি যাব দুৰ্নীতিত লিপ্ত বিষয়া গৰাকী, সেয়া হ'ব লক্ষ্যণীয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।