'ভাড়াঘৰ'ৰ শীৰ্ষক গীতেৰে জনপ্ৰিয়তা অৰ্জা কণ্ঠশিল্পী পৰশমণি দাস সন্ধানহীন

 06/26/2019 - 20:27

গুৱাহাটীঃ যোৱা ২৩ জুনৰ পৰা সন্ধানহীন হৈ আছে মহানগৰীৰ ৰূপনগৰৰ যুৱক তথা কণ্ঠশিল্পী পৰশমণি দাস(৩৫)। যুৱকজনৰ পিতৃ, বিশিষ্ট লেখক গীতিকাৰ বাবুল দাসে জানিবলৈ দিয়া মতে যোৱা ২৩ জুনৰ আবেলি ৩.১০বজাত ঘৰৰ পৰা ওলাই যোৱা পাচৰ পৰাই কোনো ধৰণৰ শুংসূত্ৰ পোৱা নাই যুৱকজনৰ। উল্লেখযোগ্য যে যুৱকজন দীৰ্ঘদিনৰ পৰা অৰ্শ ৰোগত ভুগি আছে। দেওবাৰে পুৱাই ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ উদ্দেশ্য যুৱকজনে মাতৃক গাড়ীৰ চালকক ঘৰলৈ মাতিবলৈ কৈছিল যদিও দেউতাকে তেওঁক দুৰ্বল শৰীৰেৰে ওলাই যাবলৈ মানা কৰি ঘৰতে থাকি আৰাম কৰিবলৈ কয়।

কিন্তু আবেলি তিনি বজাত হঠাতে যুৱকজনে মাকক ফুৰি আহো বুলি কৈ অ'লাত গাড়ী বুক কৰে আৰু ৩.১০ বজাত ঘৰৰ পৰা ওলাই যায়। আনহাতে ঘৰৰ পৰা ওলাই যাওতে যুৱকজনে পইচাৰ বেগ আৰু এটিএম কাৰ্ড লগত লৈ যায় যদিও ঘৰতে এৰি যায় তেওঁৰ ম'বাইল ফোনটো। ইফালে বহু সময়লৈ যুৱকজন ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোকসকলে যুৱকজনৰ ম'বাইল পৰীক্ষা কৰি আৰু তেওঁ যোৱা গাড়ীখনৰ চালকক ফোন কৰি যুৱকজন জালুকবাৰীৰ সদিলাপুৰৰ ব্ৰহ্মপুত্ৰৰ কাষত গাড়ী পৰা নমা বুলি জানিব পাৰে।

ইয়াৰ পাচতে দিনৰ ভাগতো যুৱকজন ঘৰলৈ ঘূৰি নহাত সন্ধিয়া পৰিয়ালৰ লোকে বিৰুবাৰী আৰক্ষীচকী, জালুকবাৰী আৰক্ষীৰ লগতে নদী আৰক্ষীকো ঘটনা সন্দৰ্ভত অৱগত কৰা বুলি পিতৃয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে এমকম, এমবিএ, পিএইচডি আৰু এমফিল ডিগ্ৰীধাৰী যুৱকজনে দীঘৰ্দিন ধৰি অসমৰ সংগীত ক্ষেত্ৰৰ সৈতে জড়িত থকাৰ উপৰি ৰং চেনেলত সম্প্ৰচাৰিত জনপ্ৰিয় ধাৰাবাহিক 'ভাড়াঘৰ'ৰ শীৰ্ষক গীতটোত কণ্ঠদান কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।