গৰাখহনীয়াৰ কবলত গোসাইগাঁৱৰ ২নং টকেয়ামাৰিৰ গাঁওবাসী

 06/27/2019 - 14:08

শ্ৰীৰামপুৰঃ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত ২নং টোকেয়ামাৰীৰ মাজেদি যোৱা গুৰুফেলা নদীৰ কবলত পৰিছে গাঁওবাসী। যোৱা প্ৰায় ১৫ বছৰ ধৰি একেৰাহে হোৱা উক্ত নদীৰ গৰাখহনীয়াৰ ফলত অঞ্চলটোত ইতিমধ্যে প্ৰায় ২০ বিঘা খেতিমাটি ধ্বংস হোৱাৰ ফলত প্ৰতিবছৰে গাঁওবাসীয়ে নিজাববীয়াকৈ ব্যক্তিগত মাটিৰ ওপৰেদি ৰাস্তা বান্ধ বনাই যাতায়াত কৰি আহিছে।

উল্লেখ্য যে ৰাস্তাটোৰ দুৰৱস্থাত ভুগিছে অঞ্চলটোৰ লগতে থকা প্ৰায় ৬-৭ খনকৈ গাঁওবাসীৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰী। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত স্থানীয় বিধায়ক কেইবাবাৰো আহি প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে কোনো কাম নোহোৱাত অসন্তুষ্টি প্ৰকাশ কৰিছে ছাত্র-ছাত্ৰীৰ লগতে সমূহ ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।