গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতাল পৰ্যবেক্ষণ হিমন্ত বিশ্ব শৰ্মাৰ

 06/27/2019 - 17:46

গুৱাহাটীঃ বৃহস্পতিবাৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰ্যবেক্ষণ কৰিলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতাল। চিকিৎসালয়খনৰ আপতকালীন বিভাগ, আইচিইউ ইউনিট, এমআৰআইকে ধৰি লেবৰটৰি ইউনিত, ব্লাড বেংক, প্ৰসূতি বিভাগ, নৱজাতক কক্ষকে ধৰি ঔষধ মজুত ৰখা ঠাই পৰ্যবেক্ষণ কৰি অভাৱ অভিযোগৰ কথা বুজ লয় মন্ত্ৰীগৰাকীয়ে।

পৰ্যবেক্ষণৰ সময়ত মন্ত্ৰী শৰ্মাই বহু সংখ্যক ৰোগী আৰু ৰোগীৰ অভিভাৱকৰ সৈতে কথা পাতি চিকিৎসাৰ বুজ লয়। প্ৰয়োজনতকৈও অধিক ৰোগীৰ সংখ্যাৰ বৃদ্ধিৰ বিপৰীতে এমআৰআই মেচিনৰ অভাৱ, ব্লাড বেংকত কিছু সমস্যাৰ অভাৱৰ বিষয়ে মন্ত্ৰীক উনুকিয়াই দিয়ে ৰোগীৰ অভিভাৱকে। দুমাহৰ ভিতৰতে ব্লাড বেংক অত্যাধুনীকৰণ, এমআৰআই মেচিনৰ সংখ্যা বৃদ্ধিৰ ব্যৱস্থা কৰা হ’ব বুলি মন্ত্ৰী শৰ্মাই উল্লেখ কৰে। একেদৰেই শীঘ্ৰেই চৰকাৰী ঔষধৰ পৰিমানো বৃদ্ধিৰ কথা ঘোষণা কৰে মন্ত্ৰী ডঃ শৰ্মাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।