সাৱধান! ‘পাবজী’ খেলি গ্ৰেপ্তাৰ হ'ব পাৰে আপুনিও

 03/17/2019 - 14:46

ডিজিটেল ডেস্কঃ দেশত ‘পাবজী’ গেম নিষিদ্ধ কৰাৰ পিচতো গেম খেলি গ্ৰেপ্তাৰ হ’ল তিনিজনকৈ ব্যক্তি৷ গুজৰাটত এই ‘পাবজী’ গেমৰ বিৰুদ্ধে স্থানীয় আৰক্ষীয়ে তদন্ত চলাই থকা সময়তে গেম খেলি গ্ৰেপ্তাৰ হ'ল লোককেইজন৷ এই গ্ৰেপ্তাৰ প্ৰসংগত স্থানীয় আৰক্ষী বিষয়াই জনোৱা মতে, গোটেই ভাৰতবৰ্ষত ‘পাবজী’ গেম নিষিদ্ধ কৰাৰ পাছতো এই গেমৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে জনসাধাৰণৰ।

লগতে তেওঁলোকে জনাই যে গ্ৰেপ্তাৰ কৰা তিনিওজন ব্যক্তিৰ বিৰুদ্ধে আই পি চি ধাৰা ১৪৪ অনুসৰি গোচৰ ৰুজু কৰা হৈছে৷ পূৰ্বেও এই গেমৰ বাবে দুদিনৰ ভিতৰত গুজৰাটৰ ৰাজকোট চহৰত ৬জন কলেজীয়া ছাত্ৰসহ ১০জনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

গেম নিষিদ্ধ কৰা একমাত্ৰ কাৰণ হৈছে যে এই গেমৰ বাবে যুৱপ্ৰজন্মৰ মাজত হিংসাত্মক আচৰণ বৃদ্ধি পাবলৈ ধৰিছে। বিভিন্ন জিলাত আৰক্ষী বিভাগে এই গেমৰ তদন্ত চলাই আছে৷ গ্ৰুপিং হিচাপে খেলা এই অনলাইন গেমটো বহু ঠাইৰ আৰক্ষী বিভাগে নিষিদ্ধ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।