ৰাজপথতে কংগ্ৰেছৰ মুখপাত্ৰক গুলীয়াই হত্যা

 06/27/2019 - 19:14

 ডিজিটেল ডেস্ক: ৰাজপথতে কংগ্ৰেছৰ মুখপাত্ৰক গুলীয়াই হত্যা কৰা হৈছে৷ বৃহস্পতিবাৰে হাৰিয়ানাৰ ফাৰিদাবাদত সংঘটিত হৈছে এই ঘটনা। নিহত কংগ্ৰেছ নেতা বিকাশ চৌধুৰীয়ে ফাৰিদাবাদস্থিত জীমৰ পৰা উভতি অহাৰ পথতে অচিনাকী দুৰ্বৃত্তই গুলীচালনা কৰে।

এই সমগ্ৰ দৃশ্য বন্দী হয় চিচি টিভিৰ কেমেৰাত। সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও শেষ নিশ্বাস ত্যাগ কৰে কংগ্ৰেছ দলৰ নেতাগৰাকীয়ে। ইফালে ৰাজ্যখনৰ কংগ্ৰেছ কমিটিয়ে নেতাগৰাকীৰ হত্যা সন্দৰ্ভত উচিত তদন্তৰ দাবী কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।