আৰক্ষী আৰু কয়দীৰ মাজত প্ৰচণ্ড সংঘাট

 06/27/2019 - 19:49

ডিজিটেল ডেস্কঃ আৰক্ষী আৰু কয়দীৰ মাজত প্ৰচণ্ড সংঘাট৷ এই ঘটনা সংঘটিত হৈছে লুধিয়ানাৰ কেন্দ্ৰীয় কাৰাগাৰত৷কাৰাগাৰৰ ভিতৰত হৈছে ধাৰাসাৰ গুলীবৰ্ষণ৷ ফলত কেইবাজনো আৰক্ষী এই ঘটনাত আহত হোৱাৰ খবৰ পোৱা গৈছে।

একাংশ কয়দীয়ে উপ–আৰক্ষী অধীক্ষকৰ গাড়ীও জ্বলাই দিয়ে লগতে একাংশ কয়দীয়ে কাৰাগাৰৰ পৰা পলায়নৰ চেষ্টাও কৰে। উল্লেখযোগ্য যে কাৰাগাৰখনত আছে প্ৰায় ২ হাজাৰ কয়দী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।