নিৰাপত্তাৰক্ষীৰ গুলীত নিহত সন্ত্ৰাসবাদী

 06/28/2019 - 16:59

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ বডগাম জিলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ প্ৰচণ্ড গুলীয়াগুলীত নিহত হয় এজন সন্ত্ৰাসবাদী। অঞ্চলটোত এটা দলে আত্মগোপন কৰি থকাৰ গোপন খবৰৰ ভিত্তিত অভিযান চলাইছিল নিৰাপত্তাৰক্ষীয়ে।

ইতিমধ্যে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে সন্ত্ৰাসবাদীটোৰ মৃতদেহ। কিন্তু বৰ্তমানো সন্ত্ৰাসবাদীটোক চিনাক্ত কৰিব পৰা নাই। অঞ্চলটোত অভিযান অব্যাহত ৰাখিছে নিৰাপত্তাৰক্ষীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।