ৰাণীত হাইড্ৰপইণ্ট ইকো টেকন’ল’জী নামেৰে উদ্যোগ স্থাপন

 06/28/2019 - 17:27

ৰাণীঃ মহানগৰীৰ পাৰ্শ্বৱৰ্তী ঐতিহাসিক বৃহত্তৰ ৰাণীত হাইড্ৰপইণ্ট ইকো টেকন’ল’জী নামেৰে এক উদ্যোগ স্থাপন কৰা হয়। বিশিষ্ট ব্যৱসায়ী দেৱৰাজ দে, অনিল শৰ্মা আৰু স্থানীয় উদ্যমী যুৱ ব্যৱসায়ী নাৰায়ণ প্ৰসাদৰ একান্ত প্ৰচেষ্টাত গঢ় লৈ উঠে এই উদ্যোগটি। দীৰ্ঘদিন ধৰি নিৰ্মাণ কাৰ্যৰ অন্তত শুক্ৰবাৰে মাংগলিক কাৰ্যসূচীৰে পশ্চিম গুৱাহাটীৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ দ্বাৰা শুভাৰম্ভণি কৰা হয়।

ৰাণী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সম্মুখত আৰু ৰাণী আৰক্ষী চকীৰ পৰা মাত্ৰ আধা কিলোমিটাৰ দূৰত্বৰ এনইচি (NEC) ৰোডৰ কাষত স্থাপন কৰা এই উদ্যোগটি নিৰ্মাণ কাৰ্যত সম্পূৰ্ণ ব্যয় হৈছে প্ৰায় এক কোটি টকা। একমাত্ৰ বিশুদ্ধ খোৱাপানী (মিনাৰেল ৱাটাৰ) প্ৰস্তুত কৰিবলগীয়া এই উদ্যোগটোৱে বৃহত্তৰ ৰাণী অঞ্চলটোৰ নিৱনুৱা যুৱক-যুৱতীসকলৰ সংস্থাপনৰ ক্ষেত্ৰতো এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে।

ব্যৱসায়িক ক্ষেত্ৰখনত এই হাইড্ৰপইণ্ট ইকো টেকন’ল’জীয়ে গ্ৰাহকক কোনো অসুবিধা নহোৱাকৈ উপযুক্ত মূল্যত বিশুদ্ধ খোৱাপানী যোগান ধৰিব বুলি উদ্যোগ কৰ্তৃপক্ষই জানিবলৈ দিয়ে। উল্লেখ্য যে এই শুভ উদ্বোধনী কাৰ্যসূচীত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ লগতে অগপ নেতা পৰেশ বৰুৱা, প্ৰাক্তন জিলা পৰিষদৰ সদস্য ৰবিন দৈমাৰী, আঞ্চলিক পঞ্চায়তৰ পৰমেশ্বৰ বৰ্মন, স্থানীয় বিশিষ্ট ব্যক্তিৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।