আহিল বি এম ডব্লিউৰ নতুন ছুপাৰ বাইক

 06/29/2019 - 16:13

ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্রিয় অভিনেতা শ্বাহিদ কাপুৰে গুৰুগ্ৰামত বি এম ডব্লিউ মট’ৰাডৰ এখন নতুন ছুপাৰ বাইক মুকলি কৰে। BMW-S1000-RR নামৰ এই বাইকখন ভাৰতৰ বজাৰৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।  এই বাহনখনৰ প্ৰাৰম্ভিক মূল্য ১৮.৫ লাখ টকা।

মুকলি অনুষ্ঠানটোত অভিনেতাগৰাকীৰ লগতে বি এম ডব্লিউৰ মট'ৰাডৰ এছিয়া পেচিফিক শাখাৰ মুৰব্বী ডিমিট্রিছ ৰেপ্টিছ উপস্থিত থাকে। উল্লেখ্য যে দুটা ৰঙত মুকলি কৰা এই বাহনখনত ৯৯৯ চি চি ৪ চিলিণ্ডাৰযুক্ত ইঞ্জিন, এ বি এছ প্র’, টি এফ টি ডিছপ্লে, ইঞ্জিন ব্রেক আদিৰ দৰে সুবিধা সংযােজন কৰা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।