ভজ্জী নামিব পাৰে ৰাজনীতিৰ পথাৰত

 03/18/2019 - 18:19

ডিজিটেল ডেস্কঃ ৰাজনীতিলৈ আহিব পাৰে জনপ্ৰিয় ক্ৰিকেটাৰ হৰভজন সিং। যাক সকলোৱে মৰমতে মাতে ভজ্জী বুলি। এই সন্দৰ্ভত যদিও ক্ৰিকেটাৰগৰাকীয়ে নিশ্চয়তা প্ৰদান কৰা নাই তথাপিও বৰ্তমান সময়ত তেওঁৰ ৰাজনীতিত যোগদানক লৈ সৰৱ চৰ্চা চলিছে। গৌতম গম্ভীৰৰ ৰাজনীতিত প্ৰৱেশৰ পিছত পুনৰ আন এগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ দ্বাৰা নিৰ্বাচন খেলাৰ প্ৰস্তুতি চলাইছে বিজেপিয়ে। ভজ্জীৰ জনপ্ৰিয়তাক লৈ ৰাজনীতিৰ অংক কৰিছে এই দলটোৱে।

অমৃতসৰ লোকসভা সমষ্টিৰ পৰা ইতিমধ্যে তেওঁক প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰস্তাৱো দিছে বিজেপিৰ নেতৃত্বই। খবৰ অনুসৰি বিজেপিয়ে ২০১৯ৰ লোকসভা নিৰ্বাচনত পঞ্জাৱৰ অমৃতসৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ প্ৰস্তাৱ লৈ ভাৰতীয় ক্ৰিকেট দলৰ স্পীনাৰ তাৰকা হৰভজন সিঙৰ লগত ইতিমধ্যে আলোচনা চলাই আছে। ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত এদিনীয়া শৃংখলাৰ কমেন্ট্ৰীত ব্যস্ত হৈ থকা বাবে এই আলোচনা সফল হোৱা নাই বুলি জানিব পৰা গৈছে।

আনহাতে বিজেপিৰ নেতৃত্বই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সন্দৰ্ভত যোগাযোগ কৰাৰ কথা স্বীকাৰ কৰিছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়েও। তেওঁ কয়, ‘মোক বিজেপিৰ পৰা যোগাযোগ কৰা হৈছে যদিও এই পৰ্যন্ত মই কোনো শীৰ্ষ নেতাক লগ পোৱা নাই। সেয়ে ৰাজনীতিত প্ৰৱেশক লৈ মোৰ সিদ্ধান্ত এতিয়াও নিশ্চিত নহয়।’ ৩৮ বৰ্ষীয় ক্ৰিকেটাৰগৰাকীয়ে কয়, ‘ৰাজনীতিত প্ৰৱেশৰ বাবে এয়া মোৰ বাবে উচিত সময় হয় নে নহয় সেয়া মই নাজানো। যদি মই নিৰ্বাচন খেলাৰ বাবে সিদ্ধান্তও লও তেন্তে প্ৰস্তুতি চলাবলৈ মোৰ হাতত সময় যথেষ্ট কম আছে।’

বিজেপিৰ এক সূত্ৰৰ মতে, বিজেপি নেতৃত্বৰ ওচৰত অমৃতসৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ এগৰাকী স্থানীয় যোগ্য প্ৰাৰ্থীৰ অভাৱৰ বাবেই সৰ্বপৰিচিত হৰভজন সিঙক অমৃতসৰৰ পৰা প্ৰাৰ্থিত্ব প্ৰদানৰ জল্পনা কল্পনা চলাইছে। যিহেতু পঞ্জাৱৰ এই সমষ্টিটোত হৰভজন সিঙৰ জনপ্ৰিয়তা অত্যাধিক, সেয়ে বিজেপিয়ে তেওঁৰ জনপ্ৰিয়তাৰ সহায় লৈ তাৰকা ৰাজনীতি খেলাৰ প্ৰস্তুতি চলোৱা বুলিও চৰ্চা চলিছে।  সময়ত হে গম পোৱা যাব বিজেপিৰ অভিপ্ৰায় কিমানদূৰ সফল হ’ব!

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।