আজি ক্ৰিকেট মহাৰণঃ ভাৰত বনাম ইংলেণ্ড

 06/30/2019 - 13:19

ডিজিটেল ডেস্কঃ আইচিচি বিশ্বকাপ ক্ৰিকেট ২০১৯-ৰ ৩৮ সংখ্যক মেচ হ’ব দুই শক্তিশালী দল ভাৰত আৰু ইংলেণ্ডৰ মাজত। আজিৰ খেলখন ক্ৰিকেট অনুৰাগীৰ মাজত হাই ভল্টেজ খেল হিচাপে পৰিগণিত হৈছে। উৎসুকতাৰে ৰৈ আছে জনতা ক্ৰিকেট মহাৰণ উপভোগ কৰিবলৈ। আজি বিশ্ব ক্ৰিকেটৰ শক্তিশালী দল দুটা সমুখ মহাৰণত নামিব ভাৰতীয় সময় অনুসৰি বিয়লি ৩ বজাত বাৰ্মিংহামৰ ইডবেষ্টন খেলপথাৰত। উল্লেখ্য যে মেচখনত ভাৰতীয় দলটোৱে তেওঁলোকৰ বিকল্প নতুন জাৰ্চি পৰিধান কৰিব লাগিব। পূৰ্বৰ নীলা ৰঙৰ তুলনাত এই জাৰ্চিৰ পিছৰ অংশৰ ৰং হ’ব গেৰুৱা, অৱশ্যে জাৰ্চিটোৰ সন্মুখভাগ নীলা ৰঙৰেই দেখা যাব ।

ভাৰতীয় দলৰ জাৰ্চিৰ ৰং নীলা হোৱাৰ লগতে ইংলেণ্ডৰ দলটোৰো জাৰ্চিৰ ৰং নীলা। ইংলেণ্ডৰ দলটোৰ নীলা ৰঙটো কিছু পাতল হোৱাৰ বিপৰীতে ভাৰতৰ নীলা ৰঙটো গাঢ়। সেয়ে, খেলৰ সময়ত যাতে কোনো ভ্ৰান্তিৰ সৃষ্টি নহয় তাৰ বাবে ভাৰতীয় দলটোৱে জাৰ্চিৰ ৰং সলনি কৰিব লাগিব। আইচিচিৰ প্ৰতিযোগিতাৰ নিয়ম অনুসৰি আয়োজক দেশে খেলত নিজৰ জাৰ্চিৰ ৰং অক্ষুন্ন ৰাখিব লাগে।

সেয়েহে আয়োজক ইংলেণ্ডৰ জাৰ্চিৰ ৰং ভাৰতীয় দলৰ দৰে নীলা যদিও ভাৰতৰ জাৰ্চিত পৰিৱৰ্তন অনা হ’ল। আনহাতে, ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলে কেতিয়াও দুইধৰণৰ জাৰ্চি পৰিধান কৰি খেলত অৱতীৰ্ণ হোৱা নাছিল। প্ৰথমবাৰৰ বাবে ভাৰতীয় ক্ৰিকেট দলটোৱে দুই ধৰণৰ জাৰ্চিৰে খেলত অৱতীৰ্ণ হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।