এয়া আকাশবাণী গুৱাহাটী

 07/01/2019 - 15:40

কস্তুৰী বৰঠাকুৰঃ

এয়া আকাশবাণী গুৱাহাটী। কৰ্ণকুহৰত মৃদুভাৱে গুঞ্জৰিত হোৱা এয়া যেন এক শব্দৰ ঝংকাৰ। দূৰ-দূৰণিৰ পৰা ভাঁহি অহা এই শব্দকেইটা অসমীয়াৰ কিমান যে প্রাণৰ আপোন! আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্রতিজন শ্রোতাই অনুভৱ কৰে এই শব্দকেইটাৰ প্রতি আত্মিক টান। আজি ১ জুলাই। আজিৰ দিনটো আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাবে বিশেষ তাৎপর্যপূর্ণ দিন। আজিৰ দিনটো আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্রতিষ্ঠা দিৱস। এক অৰ্থত জন্মদিন। প্রথমেই এই ধ্ৰুপদী, গাম্ভীর্যপূর্ণ অনুষ্ঠানটোৰ প্ৰতি যাচিলোঁ শত সহস্র শুভকামনা। এই শক্তিশালী সত্বা প্রতিজন অসমীয়াৰ বুকুত শিপাই আছে চিৰ বিৰাজমান হৈ। অনাগত দিনতো এই সত্বা শক্তিমন্ত ৰূপতে অধিষ্ঠিত থাকিব বুলি আমি আশাবাদী। ১৯৪৮ চনৰ পৰা বৰ্তমানলৈকে গৌৰৱোজ্জ্বল চানেকি বহনকাৰী আকাশবাণী গুৱাহাটী কেন্দ্ৰ আজিও যেন চিৰ নতুন.. চিৰ তৰুণ। বয়স বাঢ়িছে কিন্তু কমা নাই উদ্যম, হ্ৰাস পােৱা নাই প্রাণােচ্ছ্বাস, টুটা নাই তেজাল শক্তি। চৌপাশে জেউতি চৰাই কেতিয়াও নাভাগৰা আকাশবাণী গুৱাহাটী কেন্দ্রই অব্যাহত ৰাখিছে নিজৰ অবিৰত দূৰন্ত যাত্রা। এই যাত্রাৰ প্রতিটো খোজে সময়ৰ বালিচৰত পেলাই গৈছে সােণসেৰীয়া চাপ। গুৱাহাটীৰ কংক্রিটৰ অৰণ্যৰ মাজত চানমাৰিৰ এক সেউজ পৰিৱেশত মূৰ দাঙি সগৌৰৱৰে নিজ অস্তিত্ব জাহিৰ কৰা এই অনুষ্ঠানটোৱে মানুহৰ অন্তৰে অন্তৰে সিঁচি আছে সতেজ সুবাস। সেউজ বতৰাবােৰ কঢ়িয়াই মানুহক যাচি আছে অনাবিল প্রশান্তি। চাৰিওফালে সেউজীয়া গছ-গছনিৰে আবৃত চানমাৰিৰ এই বিশেষ স্থানত ভৰি নিদিলে বিশ্বাস কৰিবলৈকে টান, গুৱাহাটীতো ইমান সেউজীয়া আছেনে? ইমান সেউজীয়াৰ মাজত থকাৰ বাবেই হয়তো চিৰসেউজ আকাশবাণী গুৱাহাটী কেন্দ্ৰ!

 

    'ঘৰ আছে দুৱাৰ নাই, মাত আছে মানুহ নাই। এইটোনো কি বস্তু কোৱাচোন ভাই’। এয়া অসমৰ এক জনপ্রিয় সাঁথৰ। কোনােবাই সুধিলেই তপৰাই উত্তৰ দিছিলো 'ৰেডিঅ’। সৰুৰে পৰা এই বিশেষ বস্তুটোৱে বিশেষভাবে আকর্ষণ কৰিছিল। কণমানি অন্তৰখনত কৌতূহল জাগিছিল, এই সৰু ক’লা ৰঙৰ বাকচটোত ইমান মানুহ কেনেকৈ সােমাই থাকে। ই আছিল অন্য এক সাঁথৰ।। লাহে লাহে ডাঙৰ হৈ অহাৰ লগে লগে সাঁথৰৰ উত্তৰ ওলাইছিল। কৌতুহলৰ পৰ্দা আঁতৰিছিল। বুজিছিলাে বিজ্ঞানৰ চমকপ্রদ মাহাত্ম্য। পৃথিৱীৰ সকলােতে বিয়পি থকা বিভিন্ন গণ মাধ্যমৰ মাজত ৰেডিঅ’ বহুল ভাৱে জনপ্রিয়। কাৰণ ই যে শব্দ আৰু সুৰধ্বনি সংযোগৰ এক সুপ্রাচীন মহত্ত্বপূর্ণ মাধ্যম। অনাতাঁৰ ব্যৱস্থা অর্থাৎ কোনাে তাঁৰ নােহােৱাকৈয়ে শব্দ আৰু ধ্বনিক সকলোতে বিয়পাই ই ৰচিছিল যুগান্তকাৰী বিপ্লৱ। এই ব্যৱস্থাক সকলোৱে আঁকোৱালি লােৱাৰ অন্তৰালত আছিল ই নিৰক্ষৰতাৰ প্ৰাচীৰ ভাঙিবলৈ সক্ষম হৈছিল। লিখিব পঢ়িব নজনা নিৰক্ষৰ চহা লােক এজনেও ৰেডিঅ’ৰ জৰিয়তে পৃথিৱীৰ বিভিন্ন দিশৰ জ্ঞান লভিবলৈ সমর্থৱান। কেইবা দশক আগলৈকে ৰেডিঅ’ই মানুহক সময়ৰ জ্ঞানাে দিছিল, কাৰণ ই যে ঘড়ীৰ কাম কৰিছিল। মানুহৰ পুৱাবোৰ সাৰ পাইছিল চৰাইৰ কল-কাকলিৰ লগতে ৰেডিঅ’ৰ সেই বিশেষ ছিগনেচাৰ টিউনটোত।।

১৯৪৮ চনৰ ১ জুলাইত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ আৰু শ্বিলং অনাতাঁৰ কেন্দ্র প্রতিষ্ঠা কৰা হৈছিল। প্রথমাৱস্থাত আছিল শ্বিলং অসমৰ ৰাজধানী আৰু গুৱাহাটী আছিল সাহিত্য-সংস্কৃতিৰ প্রাণকেন্দ্র। এই কেন্দ্র দুটাক টেলি সংযােগেৰে এক কৰি কেন্দ্ৰটোৰ নাম ৰখা হৈছিল শ্বিলং-গুৱাহাটী কেন্দ্র। গুৱাহাটী অনাতাঁৰ কেন্দ্র উদ্বোধন কৰিছিল মৌলানা মহম্মদ তৈয়বুল্লাই আৰু শ্বিলং কেন্দ্র উদ্বোধন কৰিছিল তদানীন্তন মুখ্যমন্ত্রী গােপীনাথ বৰদলৈয়ে। আব্দুল মালিক, ভূপেন হাজৰিকা, বীৰেন্দ্ৰ ৰাম ফুকন, ফণী তালুকদাৰ, সত্য প্ৰসাদ বৰুৱা আদি স্বনামধন্য লোকসকলৰ তত্বাৱধান তথা পৰিচালনাত গুৱাহাটী কেন্দ্ৰটি ঠন ধৰি উঠে। উল্লেখ্য যে ১৯৫৩ চনত প্ৰথমবাৰৰ বাৰে 'অল ইণ্ডিয়া ৰেডিঅ’ক আকাশবাণী নামেৰে নামাংকৃত কৰা হয় আৰু ইয়াৰ লগে লগে অল ইণ্ডিয়া ৰেডিঅ’ হৈ পৰে আকাশবাণী গুৱাহাটী। এই বিশাল পৰিক্ৰমাই কি কি যে সামৰি লােৱা নাই! সাহিত্য, কলা-সংস্কৃতি, বিজ্ঞান, ক্ৰীড়া, যুৱ অনুষ্ঠান, শিশু অনুষ্ঠান, কৃষি, স্বাস্থ্য, শিক্ষা, সাক্ষাৎকাৰ অনুষ্ঠান আদি বিভিন্ন দিশৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি ই ল'লে জাতীয় অনুষ্ঠানৰ ৰূপ। অসমৰ জাতীয় জীৱনৰ সৈতে জড়িত হৈ এই অনুষ্ঠানটোৱে সমাজৰ বৌদ্ধিক বিকাশ, জাতিগত উন্নয়নত তেতিয়াও, এতিয়াও যােগাই আছে প্রভূত অৰিহণা।

আইদেউৰ বুলনি, সাহিত্য চ’ৰা, আজি পুৱা, দেওবৰীয়া নাটক, বুধবৰীয়া নাটক, অকণিৰ মেল, গীতি মালিকা, যুৱবাণী, কল্পতৰু, নতুন দিগন্ত আদি অনুষ্ঠান আৰু বাতৰি ৰাইজৰ মাজত যথেষ্ট জনপ্ৰিয় আৰু সমাদৃত। জনপ্রিয় কালজয়ী নাটসমূহ প্ৰচাৰ কৰি আকাশবাণী গুৱাহাটী কেন্দ্রই জনমানসত অধিক মৰম আৰু সুকীয়া মর্যাদা লভিবলৈ সক্ষম হৈছে। ডঃ ভূপেন হাজৰিকা, নৱকান্ত বৰুৱা, ৰুদ্ৰ বৰুৱা, দিলীপ শর্মা, সুদক্ষিণা শৰ্মা, পুৰুষােত্তম দাস, মুকুল বৰুৱা, হেমেন হাজৰিকা, পদ্ম বৰকটকী, লক্ষ্যহীৰা দাস, আনন্দিৰাম দাস, নলিনীবালা দেৱী, নির্মলপ্রভা বৰদলৈ, বীৰেন্দ্ৰ নাথ দত্ত, জ্যোতির্ময় কাকতি, কমল নাৰায়ণ চৌধুৰী, তফজ্জুল আলী, তাৰিকুদ্দিন আহমেদ, জ্ঞানদা কাকতি দিপালী বৰঠাকুৰ, খগেন মহন্ত-অৰ্চনা মহন্ত, তুলিকা সেনাপতি, নীলিমা খাতুন, ডলী ঘোষ, ৰুণুমী ঠাকুৰ, ৰামেশ্বৰ পাঠক, ধনদা পাঠক আদি যশস্বী ব্যক্তিসকলে অসমৰ সংগীত জগতখন আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যােগেদিয়েই সৌষ্ঠৱশালী কৰি তুলিছিল।

অৰুণ শর্মা, ডঃ ভৱেন্দ্ৰ নাথ শইকীয়া, মহেন্দ্ৰ বৰঠাকুৰ, সত্যপ্ৰসাদ বৰুৱা, তৰুণ শইকীয়া, ফণী তালুকদাৰ আদিৰ দৰে প্ৰসিদ্ধ নাট্যকাৰসকলক আকাশবাণী গুৱাহাটী কেন্দ্ৰই জন্ম দিয়া বুলি ক’লেও অত্যুক্তি কোৱা নহ’ব। অসমীয়া ভাষাৰ সংকটৰ সময়ত আকাশবাণী কেন্দ্ৰসমূহে শুদ্ধ আৰু স্পষ্ট ৰূপত অসমীয়া ভাষাটোক জীয়াই ৰাখিছে। ঘোষক-ঘোষিকাসকলৰ অসমীয়া ভাষাৰ শুদ্ধ উচ্চাৰণ আৰু গভীৰ কণ্ঠস্বৰ আৰু গম্ভীৰ প্ৰকাশভংগী আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অন্যতম অলংকাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰ অসমৰ এক আপুৰুগীয়া সম্পদ। এই সম্পদক সুৰক্ষিত কৰি ৰখাতো, ৰক্ষণাবেক্ষণ দিয়াতো প্ৰতিজন অসমীয়াৰ পৱিত্ৰ কৰ্তব্য আৰু দায়িত্ব। সাফল্যৰ সোণোৱালী যাত্ৰাৰে বহু দূৰ-দূৰলৈ আগুৱাই গৈ থাকক এই মৰ্যাদাসম্পন্ন অনুষ্ঠানটি। আকাশবাণী গুৱাহাটী কেন্দ্ৰ দীৰ্ঘজীৱী হওক... এয়াই আমাৰ আন্তৰিক শুভকামনা।

(লেখাটি ইতিপূৰ্বে নিয়মীয়া বাৰ্তাত প্ৰকাশিত)

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।