বিশ্বকাপ ক্ৰিকেটৰ পৰা কিয় বাহিৰ হ’ল শিখৰ ধাৱান?

 07/01/2019 - 18:30

ডিজিটেল ডেস্কঃ পুনৰ এক দুখবৰ৷ আঘাতৰ সমস্যাই জুৰুলা কৰিছে ভাৰতীয় ক্ৰিকেট দলক৷ ভৰিৰ আঙুলিত দুখ পাই অলৰাউণ্ডাৰ বিজয় শংকৰ বিশ্বকাপ ক্ৰিকেটৰ পৰা বাহিৰ হোৱা খবৰৰ দুখ মাৰ নৌযাওতেই আন এক দুখৰ খবৰে হতাশ কৰি তুলিছে ভাৰতীয় ক্ৰিকেট অনুৰাগীক৷ আঘাতৰ বাবেই বিস্ফোৰক অপেনাৰ বেটচমেন শিখৰ ধাৱানক বিশ্বকাপ ক্ৰিকেটৰ পৰা অব্যাহতি দিয়া হৈছে৷

উল্লেখ্য যে অ’ভেল খেলপথাৰত যোৱা ৯ জুনত অনুষ্ঠিত হোৱা ভাৰত বনাম অষ্ট্ৰেলিয়া মেচত শিখৰ ধাৱানে ১০৯ বলত ১১৭ ৰান কৰি যথেষ্ট উন্নত খেল খেলি থকাৰ মাজতেই অষ্ট্ৰেলিয়া দলৰ পেট কামিন্সৰ বলত হাতৰ বুঢ়া আঙুলিত গুৰুতৰ ভাৱে আঘাত পায়৷ সেয়েহে বিশ্বকাপ ক্ৰিকেটৰ বাকী থকা মেচকেইখনত ফৰ্মত থকা শিখৰ ধাৱানে খেলাৰ সম্ভাৱনা নাই৷ বৰ্তমান শিখৰ ধাৱানৰ স্থান ল’ব ঋষভ পণ্টে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।