বাজেটৰ ভাল খবৰকেইটা

 07/05/2019 - 17:43

ডিজিটেল ডেস্কঃ

. ৪৫ লাখ টকাৰ ঘৰ কিনিলে ডেৰ লাখ টকা ৰেহাই। গৃহ ঋণৰ ক্ষেত্ৰত ৩.৫ লাখ কোটি টকা ৰেহাই ঘোষণা। আয়কৰ দিয়াৰ ক্ষেত্ৰত পান কাৰ্ড আৰু আধাৰ কাৰ্ড দুয়োটাই হ’ব প্ৰযোজ্য।

২. মহিলা, কৃষক আৰি ক্ষুদ্ৰ ব্যৱসায়ীক আকৰ্ষিত কৰিব পৰা এই বাজেটত বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছে যে অচিৰেই বজাৰলৈ আহিব বহুকেইটা নতুন মুদ্ৰা। বিত্তমন্ত্ৰীগৰাকীয়ে জনায় যে, ভাৰতৰ বজাৰত অচিৰেই মুকলি কৰা হ’ব ১, ২, ৫, ১০ আৰু ২০ টকীয়া মুদ্ৰা।

৩. দিব্যাংগ লোকৰ বাবে বিশেষ মুদ্ৰা প্ৰৱৰ্তন। দেশৰ বাজেটৰ ঘাটি ৫ শতাংশ হ্ৰাস পাইছে। যোৱা ৫ বছৰত প্ৰত্যক্ষ কৰ বৃদ্ধি পাইছে ৭৮ শতাংশ।

৪. ৪০০ কোটি টকালৈকে লেন দেন কৰা কোম্পানী সমূহৰ কৰ্প’ৰেট টেক্স হ’ব ২৫ শতাংশ। ইলেক্ট্ৰিক গাড়ীৰ জিএছটিত ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস।

৫. বছৰি ৫ লাখৰ তলৰ উপাৰ্জনকাৰী সকলে দিব নালাগে আয়কৰ।

৬. প্ৰৱাসী ভাৰতীয় সকলৰ বাবে এটা ভাল খবৰ। যিসকল প্ৰৱাসী ভাৰতীয়ৰ ভাৰতীয় পাৰপত্ৰ আছে তেওঁলোকে লাভ কৰিব আধাৰ কাৰ্ড। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত এই কথা জানিবলৈ দিয়ে। অৱশ্যে ভাৰতলৈ ঘূৰি অহাৰ পাছতহে তেওঁলোকে এই আধাৰ কাৰ্ড লাভ কৰিব।

৭. ১৭ খন পৰ্যটনস্থলী বিশ্বমানৰ কৰাৰ প্ৰস্তাৱ। চৰকাৰী বেংকলৈ ১৭ হাজাৰ কোটি টকাৰ ৰাজ সাহায্য।

৮. মহিলা উন্নয়নৰ বাবে নাৰী টু নাৰায়ণী আঁচনিৰ ঘোষণা। জনধন আঁচনিৰে মহিলাক ৫ হাজাৰ টকাৰ অভাৰড্ৰাফ্ট।

৯. চৰকাৰী বেংকলৈ ১৭ হাজাৰ কোটি টকাৰ ৰাজ সাহায্য। ৬ টা বেংকক সংকট কালৰ পৰা ৰক্ষা কৰিছে চৰকাৰে। পৰৱৰ্তী ৫ বছৰত ১০০ লাখ কোটি টকা বিনিয়োগৰ লক্ষ্য। আন্তঃগাঁঠনিত অহা ৫ বছৰত বিনিয়োগ হ’ব ধন।

১০. আত্মসহায়ক গোটৰ প্ৰতিজন সদস্যই লাভ কৰিব ১ লাখ টকাকৈ ঋণ। মুদ্ৰা নিধিৰ অধীনত লাভ কৰিব এই ঋণ।

১১. ৪ খন দেশত খোলা হ’ব ভাৰতীয় দূতাবাস।

১২. এছ চি, এছ টি মহিলাৰ বাবে বিশেষ আচঁনি। পি এম কৰ্মযোগী আচঁনিৰ অধীনত মাহে ৩ হাজাৰকৈ পাব পেঞ্চন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।